মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
প্ৰদূষণ ৰোধৰ লগতে জনস্বাস্থ্যৰে জড়িত দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি মহামান্য উচ্চতম ন্যায়ালয়ে দীপাৱলীৰ আটচবাজি ব্যৱহাৰৰ ক্ষেত্ৰত শেহতীয়াকৈ দিয়া এটা ৰায়ৰ জৰিয়তে সমগ্ৰ দেশতে তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা তথা চৰ্ত জাৰি কৰিছে ।
মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ আধাৰত আজি অৰ্থাৎ ৭ নৱেম্বৰত নিশা ৭ বজাৰ পৰা ৯ বজালৈ দুঘণ্টাৰ বাবেহে মাজুলী জিলাত অতি কম শব্দ প্ৰাবল্যৰ, পৰিবেশ অনুকূল তথা সেউজ আটচবাজি ব্যৱহাৰ কৰাৰ বাবে মাজুলী জিলা প্ৰশাসনে সময় ধাৰ্য কৰি দিছে। এই সময়ছোৱাৰ ভিতৰতহে জিলাখনত জনসাধাৰণে আজি পৰিবেশ অনুকূল আটচবাজি জ্বলাব বা ফুটাব পাৰিব ।
ন্যায়ালয়ৰ ৰায় অনুসৰি জিলাখনতো বেৰিয়াম ছল্ট, আৰ্চেনিক, এণ্টিমণি, লীড আৰু মাৰ্কিউৰী ব্যৱহাৰ কৰি ৰাসায়নিকভাৱে প্ৰস্তুত কৰা ক্ষতিকাৰক আটটচবাজিৰ লগতে একাধিক বিধৰ আটচবাজি একেলগে সংলগ্ন হৈ থকা আটচবাজিৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে ।
ফুটোৱা স্থানৰ পৰা ৪ মিটাৰৰ ভিতৰত ১২৫ ডেচিবলৰ পৰা ১৪৫ ডেচিবলৰ ভিতৰৰ শব্দ প্ৰাবল্যৰ আটচবাজিহে জনসাধাৰণে ব্যৱহাৰ কৰিব পাৰিব । তদুপৰি চিকিৎসালয়, শিক্ষানুষ্ঠান, আদালত ভৱন, ধৰ্মীয় অনুষ্ঠান চৌহদ আদিৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ এলেকাত কোনোধৰণৰ আটচবাজি ব্যৱহাৰ কৰিব নোৱাৰিব ।
গড়মূৰকে ধৰি মাজুলীৰ বিভিন্ন অংশত গছ-বিৰিখত আশ্ৰয় লৈ থকা পক্ষীকুলেও যাতে আজি ফটকা-আটচবাজিৰ শব্দ প্ৰদূষণৰ বাবে বিপদত নপৰে, সেই দিশটোৰ প্ৰতিও সমগ্ৰ মাজুলীবাসীকে সজাগ হ'বলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ।
মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান জনাই মাজুলী জিলাত এইবাৰৰ দীপাৱলীত সম্পূৰ্ণ পৰিবেশ অনুকূল, সেউজ আটচবাজিহে ব্যৱহাৰ কৰি পোহৰৰ এই উৎসৱ উদ্যাপনৰ বাবে জিলাবাসীক জিলা প্ৰশাসনে অনুৰোধ জনাইছে ।
- Log in to post comments
- 37 views