ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
অহা ১০ আৰু ১১ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত অনুষ্ঠিত হ'বলগীয়া আন্তৰ্জাতিক বহুভাষিক কবি সমাৰোহত ডবকাৰ হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতানে অসমৰ পৰা এগৰাকী প্ৰতিনিধি কবি হিচাপে অংশগ্ৰহণ কৰিব ৷
উল্লেখযোগ্য যে এই সমাৰোহৰ মুখ্য কাৰ্যসূচী হিচাপে বিজয়ৱাড়া আৰু অমৰাৱতী সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা প্ৰকাশিত 'অমৰাৱতী প'য়েট্ৰিক প্ৰিজম ২০১৮' শীৰ্ষক এখন উচ্চ মানসম্পন্ন বহুভাষিক কাব্য সংকলন উন্মোচন কৰা হ'ব ৷
সমাৰোহত ভাৰতৰ ভিন্ন ৰাজ্যক প্ৰতিনিধিত্ব কৰা কবিসকলৰ উপৰি বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধি কবিসকলে গ্ৰন্থখনত প্ৰকাশিত নিজৰ নিজৰ কবিতা পাঠ কৰিব ৷
উল্লেখ্য যে গ্ৰন্থখনৰ পূৰ্বৰ সংস্কৰণসমূহেও আন্তৰ্জাতিক খ্যাতি আৰু খিতাপ লাভ কৰিছে ৷ গ্ৰন্থখনত ডঃ হাছিনুচ চুলতানৰ মৌলিক আৰু অনুদিত কবিতায়ো স্থান পাইছে ৷
সদৌ অসম কবি সন্মিলনৰ হোজাই জিলা কবি সন্মিলন, ডবকাৰ যমুনাভেলী প্ৰেছ ক্লাব, হোজাই জিলা ছাত্ৰ সন্থাই ডঃ চুলতানক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে ৷
- Log in to post comments
- 15 views