চৰাইদেউত পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা

panchyat_elec_

সোণাৰিৰ পৰা ঘন বৰা

অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত বিবেকানন্দ ফুকনৰ পৌৰোহিত্যত উপায়ুক্ত কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় ।

জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰী, আৰক্ষী বিষয়াৰ উপস্হিতিত অনুষ্ঠিত সভাত উপায়ুক্তগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ আচৰণ বিধি যাতে ভংগ নহয় তাৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনায় ।

panchyat

অন্যহাতে, জিলাখনৰ পঞ্চায়ত নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যাৰ ২,৯২,০০০ হাজাৰগৰাকীৰ বিপৰীতে পুৰুষ ১,৬২,০০০গৰাকী আৰু ১,৩০,০০০গৰাকী মহিলা ভোট ।

ইফালে জিলাখনত ৩৬গৰাকী গাঁও পঞ্চায়ত সভাপতি, ৩৬গৰাকী আঞ্চলিক পঞ্চায়ত সদস্য, ৭গৰাকী জিলা পৰিষদ সদস্য আৰু ৩৬০গৰাকী সদস্য পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ।

জিলাখনৰ ৩৬০টা ভোটগ্ৰহণ কেন্দ্ৰ স্হাপন কৰা সম্পৰ্কে উল্লেখ কৰি ২০টা ভোট গ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ আৰু ৫০টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি জানিবলৈ দিয়ে ।

Your Comments