গহপুৰৰ চিত্ৰলেখা আৰ্ট গাৰ্ডেনৰ চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা

s

ছাত্র-ছাত্ৰীৰ বৌদ্ধিক, মানসিক বিকাশৰ উদ্দেশ্য আগত ৰাখি চিত্ৰাংকন আৰু ৰং-তুলিকাৰে শিল্পকলাক সুসংঘবদ্ধভাৱে ব‍্যৱহাৰৰ দ্বাৰা সৃজনশীল চিত্ৰশিল্প তৈয়াৰৰ পৰিকল্পনাৰে অসম চাৰু-কলা পৰিষদৰ পৰা জন্ম লাভ কৰে ২০০৯ চনত চিত্ৰলেখা আৰ্ট গাৰ্ডেন । অসমৰ সাম্প্ৰতিক হিংসাত্মক ঘটনাৱলীয়ে জনমানসলৈ কঢ়িয়াই অনা অনিশ্চয়তা শংকাৰ মাজতো সৃজনশীলতা আৰু মুক্ত উদ‍্যমক উত্তোলিত কৰি ৰখাব বাবে চিত্ৰলেখা আৰ্ট গাৰ্ডেনৰ উদ‍্যোগত আজি হাৱাজান উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ প্ৰেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা ১ বজালৈ চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে ‌।

s

এই প্ৰতিযোগিতাখন প্ৰত‍্যাহ্বন, প্ৰতিদ্বন্দিতা আৰু স্বীকৃতিৰ এক মিশ্ৰণহে মাথো । প্ৰতিগৰাকী শিল্পীৰ সৃজনশীল প্ৰতিভাক বিকাশ কৰাই এই প্ৰতিযোগিতাৰ লগতে মূলমন্ত্ৰ চিত্ৰলেখা আৰ্ট গাৰ্ডেনৰ । উক্ত প্ৰতিযোগিতাখন তিনিটা শাখাত অনুষ্ঠিত কৰে ‌। 'ক' শাখাত ৩০জন, 'খ' শাখাত ৩১ জন, 'গ' শাখাত ২৮ জন, মুঠ ৮৯ জন প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাখনি আৰম্ভ কৰে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে, বন্তি প্ৰজ্বলন কৰে কল্পজ‍্যোতি বণিয়াই, লগতে ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাখনি নিয়মৰ সৰ্ম্পকে ব‍্যক্তব‍্য আগবঢ়াই চিত্ৰলেখা আৰ্ট গাৰ্ডেনৰ অধ‍্যক্ষ প্ৰাঞ্জল শইকীয়াই ।

উক্ত প্ৰতিযোগিতা খনত উপস্থিত থাকে হিৰণ্য বৰা, দিপ পেগু, বিতুপন হাজৰিকা, পৱন নেওগ, পলপৱন মুদৈ, নাৰায়ণ ভূঞা, হেমাংগ ভূঞা, পৰাশ শইকীয়াকে ধৰি অভিভাৱকসকল । উল্লেখযোগ্য যে আজি অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনৰ স্থানপ্ৰাপ্তৰ প্ৰতিযোগীৰ সকলক ১৭ জানুৱাৰী তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় চিত্ৰশিল্পীসকলৰ একগোট কৰি এখন সভা অনুষ্ঠিত কৰি তেখেতসকলৰ দ্বাৰা পুৰস্কাৰ প্ৰদান কৰা হ'ব ।

Your Comments