বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
ভুপেনদা আমাৰ গৌৰৱ, ভুপেনদা আমাৰ পৰিচয় । তেওঁ কায়িকভাৱে আমাৰ মাজত নাই যদিও প্ৰতিগৰাকী অসমীয়াৰ উশাহত জীয়াই আছে ভুপেনদা, তেজত আছে ভুপেনদা । অসমীয়া জাতি জীয়াই থকালৈকে ভুপেনদা জীয়াই থাকিব, আমি জীয়াই ৰাখিব লাগিব । পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্বনাথ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্ততৰ তিনিসুঁতিত উদযাপিত হোৱা সুধাকন্ঠৰ সপ্তম মৃত্যু বাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হৈ এই মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
তেওঁ উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীত স্থাপন হ'ব লগা ৰেলটাৰ্মিনাৰ্চটোৰ নাম সুধাকণ্ঠৰ নামৰে নামাকৰন কৰাৰ দাবী জনোৱাৰ লগতে সুধাকন্ঠৰ নামত এখন সংস্কৃতি ট্ৰেইনৰ প্ৰচলন কৰাৰো দাবি কৰে । অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু ছাত্ৰ সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠান আছুৰ মুখ্য উপদেষ্টা গৰাকিয়ে ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয়ত সুধাকন্ঠৰ নামত একোখনকৈ আসন প্ৰৱৰ্ত্তন আৰু ডঃ ভুপেন হাজৰিকা গৱেসনা প্ৰতিষ্ঠান নামৰে এক কেন্দ্ৰ স্থাপনৰো দাবী উত্থাপন কৰে ।
তিনিসুতিৰ নপমুৱা সম্বনয় ক্ষেত্ৰত উদযাপিত এই অনুষ্ঠানৰ আজি দ্বিতীয় দিনা স্থানীয় তিনি সহস্ৰাধিক ৰাইজে আছুৰ উপদেষ্টা গৰাকীৰ উপৰিও আমন্ত্ৰীত অতিথিসকলক প্ৰায় এক কিলোমিটাৰ আতৰৰ পৰা গায়ন-বায়ন সহ আদৰি আনে । সমন্বয় ক্ষেত্ৰত প্ৰৱেশ কৰিয়েই আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । তেওঁ আততায়ীৰ গুলীত নিহত বিশিষ্ট সমাজকৰ্মী ভগীৰঠ শৰ্মা আৰু ২০১৪ চনত ফুলবাৰী হত্যাকাণ্ডত নিহত হোৱা ৩২ গৰাকী দুৰ্ভগীয়ালৈও শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।
ৰাজ্যৰ কেইবাটাও জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থকা অনুষ্ঠানটোত বড়ো, কাৰ্বি, নেপালী, প্ৰজা, উড়িয়া, মুণ্ডা, চাওতালী, আদিবাসী সহ মুঠ ৯ টা জনজাতীয় ভাষাত পৰিবেসিত হয় সুধাকণ্ঠৰ কালজয়ী মানুহে মানুহৰ বাবে গীত । আছুৰ কেন্দ্ৰীয় সহকাৰি সাধাৰণ সম্পাদক দুলদুল বৰকটকীয়ে আট ধৰা অনুষ্ঠানটোত ডঃ ভট্টাচাৰ্যই বিদ্যালয়ৰ পাঠ্যক্ৰমত সুধাকন্ঠৰ সৃষ্টিৰাজি অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। তেওঁ ডঃ হাজৰিকাৰ সমাধিক্ষেত্ৰ বৰ্তমানতকৈ আহল বহলভাৱে, জাকত জিলিকাকৈ নিৰ্মাণ কৰিবলৈও চৰকাৰক দাবী জনায় ।
আটছাৰ উপ সভাপতি অৰুপ বৰাইক, আছাৰ সভাপতি যোচেফ মিঞ্জ, চাওতালি ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্কই ভাষণ প্ৰদান কৰা সভাখনত প্ৰায় ১০ সহস্ৰাধিক লোকৰ কণ্ঠৰে অসমীয়া ভাষাত নিগৰিত হয় সুধাইকন্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে । যোৱা ৫ নৱেম্বৰৰ পৰা তিনিসুঁতিৰ নপমুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই সমন্বয়ৰ দিন শীৰ্ষক অনুষ্ঠানৰ আজি অন্তিম দিনা হাজাৰ হাজাৰ ৰাইজৰ উপস্থিত হৈ বৃহত্তৰ অসমীয়া জাতিৰ ঐক্য আৰু সংহতি বিশ্বৰ বুকুত উজ্বলাই তুলিলে বুলি উল্লেখ কৰে উদয়াপন সমিতিৰ কৰ্মকৰ্তাসকলে।
- Log in to post comments
- 27 views