নিশা ১০ বজাৰ পিছত ফটকা ফুটাব নোৱাৰিব কোনো লোকে : মৰিগাঁও জিলা প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি

ৌ

মৰিগাঁৱৰ পৰা জিতুমণি নাথ
প্ৰদুষণৰ ভয়াৱহতা আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক সন্মান জনাই আটচবাজি ব্যৱসায় আৰু ফটকা ফুটোৱা ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। আটচবাজি ব্যৱসায়ৰ ওপৰত কঠোৰ হৈ পৰা মৰিগাঁও জিলা প্ৰশাসনে আজি মৰিগাঁও নগৰৰ আৰু জাগীৰোডত এক অভিযান চলাই ।

মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়াই,অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাস,মৰিগাঁও চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে মৰিগাঁও নগৰৰ ৩ খন আৰু বাচনাঘাটৰ ২ খন অনুজ্ঞাপত্ৰহীন ব্যৱসায়ী প্ৰতিষ্ঠান জব্দ কৰাৰ লগতে বুজন  সংখ্যক আতচবাজি জব্দ কৰে । উল্লেখ্য যে ইয়াৰ পূৰ্বে মৰিগাঁও জিলা উপায়ুক্ত ৰিতুৰাজ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হয় এখন নাগৰিক সভা। জিলা উপায়ুক্ত সভাকক্ষত অনুষ্ঠিত সভা খনত প্ৰদুষণৰ ভয়াৱহতা ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা বিষয়ে অৱগত কৰি ৰাইজৰ সহযোগিতা কামনা কৰে উপায়ুক্ত গৰাকীয়ে।

আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, চক্ৰ বিষয়া, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, জেষ্ঠ্য নাগৰিক, ব্যৱসায়ী সন্থা,আৰু সংবাদ কৰ্মী সকলে অংশগ্ৰহণ কৰা সভাখনত উপায়ুক্ত ৰিতুৰাজ বৰাই ফটকা ফুটোৱাত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা নিৰ্দেশনা অৱগত কৰি কয় ফটকা বা আতচবাজি নিশা ১০  বজাৰ পিছত ফুটালে আইনৰ পৰিপন্থী হ'ব।

উৎসৱ যিহেতু আমি পালন কৰিবই লাগিব সেয়ে কিছু নীতি নিয়মৰ মাজেৰে পোহৰৰ উৎসৱটো পালন কৰিবলৈ সকলো শ্ৰেণী নাগৰিককে আহ্বান জনায়। নিশা ৮ বজাৰ পৰা ১০ বজাৰৰ ভিতৰত আটচবাজি বা ফটকা ফুটোৱাব পাৰিব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত জিলাখনৰ সকলো থানা,চৰকাৰী গাওঁবুঢ়া সকললৈ এক নিৰ্দেশনা জাৰি কৰা বুলি জনায়। তদুপৰি অতিশব্দ আতচবাজি বা ফটকা ফুটোৱা ক্ষেত্ৰত প্ৰসাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি অৱগত কৰে।

Your Comments