ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা লগে লগে সকলো ৰাজনৈতিক দলে নিৰ্বাচনিৰ প্ৰচাৰ তপৰতা বৃদ্ধি পাইছে । একেদৰে অসম গণ পৰিষদৰ গহপুৰ জিলাৰ তৰফৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছে । আজি দিনৰ ১১ বজাত গহপুৰ নগৰ সমিতিৰ প্ৰেক্ষাগৃহত এখন বৰ্ধিত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰে । সভাখনৰ সভাপতিত্বত কৰে অসম গণ পৰিষদ গহপুৰ জিলাৰ কাৰ্যকৰী সভাপতি ৰবীন্দ্ৰ হাজৰিকা, লগতে সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গহপুৰ জিলাৰ সম্পাদক দোলন বৰাই ।
আজি সভাখনত আলোচনা কৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ দলে গহপুৰটো অকলেই প্ৰতিদ্বন্দিতা কৰিব । গহপুৰ সমষ্টিত সৰ্বমুঠ ৩৪টা পঞ্চায়ত আছে তাৰ বিপৰীতে ৪টা পঞ্চায়ত বি পি এফৰ লগত মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব । অগপ গহপুৰ জিলা সম্পাদক দোলন বৰাই জনোৱা মতে আজি সভাখনত ১৩ খন পঞ্চায়তৰ প্ৰাৰ্থী তালিকা আৰু ৭খন পঞ্চায়তৰ সভাপতি তালিকাৰ বৰ্ধিত সভাখনত দাখিল কৰে ।
সেই সভাখনত উপস্থিত থাকে গহপুৰ জিলাৰ সম্পাদক দোলন বৰা, লাচিত দাস, উপ-সভাপতি দিলিপ ভৰালী, কেন্দ্ৰীয় যুৱ পৰিষদৰ সম্পাদক অনন্ত বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সিদ্ধেশ্বৰ হাজৰিকা, উপদেষ্টা ডঃ গোপাল ফুকন, কেন্দ্ৰীয় কৃষক পৰিষদৰ সম্পাদক পণৱ বৰা লগতে মাধৱ ডেকা, অমূল্য বৰাকে ধৰি গহপুৰ সমষ্টিৰ ৩৪টা পঞ্চায়তৰ আঞ্চলিকৰ সভাপতি/সম্পাদক, মহিলা সমিতি সভাপতি/সম্পাদক, যুৱ পৰিষদৰ সভাপতি/সম্পাদকে আদি কৰি ভাতৃ প্ৰতিম সংগঠনৰ সদস্যসকল ।
- Log in to post comments
- 13 views