নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
তিৱা ভাষা-সাহিত্যৰ উন্নয়ন আৰু বিকাশৰ উদ্দেশ্য আগত ৰাখি তিৱা মাথনলাই তখ্ৰা (তিৱা সাহিত্য সভা)ৰ উদ্যোগত দেওবাৰে নগাঁও জিলাৰ কাছমাৰীত এক বৰ্ণাঢ্য পৰিবেশত দিনজোৰাকৈ তিৱা সাহিত্য সমাৰোহ সম্পন্ন হৈ যায় ৷ তদুলক্ষে পুৱা এই সমাৰোহৰ পতাকা উত্তোলন কৰি তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি লাল সিং মাদাৰে তিৱা ভাষাটো আজিলৈকে লিখিত ৰূপত প্ৰতিষ্ঠা নোহোৱাত গভীৰ দুখ প্ৰকাশ কৰে আৰু ভাষাটোক নতুন ৰূপত লিখিতভাৱে প্ৰতিষ্ঠা কৰিবলৈ সকলোৰে সহায়-সহযোগিতা কামনা কৰে ৷
স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে অভ্যথৰ্ণা সমিতিৰ সভাপতি অৰ্জুন বৰদলৈয়ে ৷ তাৰ পাছতে সমাৰোহখনি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তুলসী বৰদলৈয়ে ৷ নগাঁও জিলাৰ ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি বীৰেণ লালুংয়ে আদৰণি ভাষণ প্ৰদান কৰা সমাৰোহত বিশিষ্ট অতিথি ৰূপে ভাষণ প্ৰদান কৰি বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি বিশ্বেশৰ বসুমতাৰীয়ে কয় যে তিৱা সাহিত্যত প্ৰয়োগ হোৱা শব্দসমূহৰ মূল উৎসৰ অনুসন্ধান, বিশ্লেষণ ভাষাটো ধৰি ৰখাৰ বাবে অতি দৰকাৰী কথা ৷
প্ৰায় চাৰি কুৰি ন-পুৰণি তিৱা কবি আৰু গল্পকাৰে সম্পূৰ্ণ তিৱা ভাষাত ৰচিত চুটি গল্প আৰু কবিতা পাঠ কৰা সমাৰোহখনিৰ সঞ্চালনা কৰে তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেশ্বৰ পাটৰ আৰু প্ৰাক্তন সাধাৰণ সম্পাদক ডি উফিং মাছলাইয়ে ৷ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডঃ বিদুৎ বিকাশ সেনাপতিয়ে উদ্দেশ্য ব্যাখ্যা কৰা বৰ্ণাঢ্য অনুষ্ঠানটিত তিৱা মাথনলাই তখ্ৰাৰ কেন্দ্ৰীয় উপসভাপতি শৰৎ চন্দ্ৰ পাটৰ, দীপেন্দ্ৰ নাথ বৰদলৈ, সহ সম্পাদক যোগেশ্বৰ বৰদলৈ, উপদেষ্টা ৰূপকৃষ্ণ পাটৰ, নগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰহ্লাদ মছৰং, সদৌ তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলাৰ সভাপতি প্ৰশান্ত কোঁৱৰ, সদৌ তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমনি ডেকা ৰজা, স্থানীয় বিশিষ্ট ব্যক্তি ভূৱন মোহন ডেকা, মুকুল ডেকা, জিলা সমিতিৰ বিষয়বৱীয়া ৰাজু কুমাৰ পাটৰকে ধৰি কাৰ্বিআংলং, মৰিগাঁও, কামৰূপ, ধেমাজি আৰু নগাঁও জিলাৰ বহু সংখ্যক তিৱা সাহিত্য সভাৰ প্ৰতিনিধি আৰু কবি সাহিত্যিকে এই সমাৰোহত অংশগ্ৰহণ কৰে ৷
সমাৰোহৰ শেষত সাংবাদিকৰে হোৱা কথা বতৰাত তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি লালসিং মাদাৰে কয় যে আজি সমাৰোহত পঠিত হোৱা চুটি গল্প আৰু কবিতাসমূহ আগন্তুক তিৱা সাহিত্য সভাৰ পশ্বিম কাৰ্বি আংলংঙৰ উমচোৱাই অধিবেশনত গ্ৰন্থৰূপে প্ৰকাশ কৰা হ’ব ৷
- Log in to post comments
- 25 views