বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন

a

বঙাইগাঁও জিলা সাহিত্য সভাই কাকৈজানা শাখা সাহিত্য সভাৰ সহযোগত আৰু কাকৈজানা যুৱক সংঘ আৰু সামূহিক কেন্দ্ৰৰ সৌজন্যত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশ্বৰত্ন ডঃ ভূপেন হাজৰিকাৰ সপ্তম বাৰ্ষিক স্মৃতি দিৱস কাকৈজানাত উদযাপন কৰে ৷ এই উপলক্ষে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ প্ৰতিচ্ছিবিত মাল্যাৰ্পণ কৰে ৰাজ্যিক কৃতী শিক্ষক তথা প্ৰবীণ অভিনেতা কমলেশ্বৰ ৰায়ে আৰু বন্তি প্ৰজ্বলন কৰে আন এগৰাকী নাট্যশিল্পী ভদ্ৰেশ্বৰ ৰায়ে ৷

ইয়াৰ পিচতে জিলা সভাৰ সভাপতি অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যাপক, প্ৰকৃতিপ্ৰেমী ডঃ অশোক কুমাৰ দাসে ডঃ ভূপেন হাজৰিকাৰ ব্যক্তি়ত্ব আৰু প্ৰতিভাৰ বিষয়ে আলোকপাত কৰে ৷

a

সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়ে সাম্প্ৰতিক প্ৰেক্ষাপটত ভূপেন হাজৰিকাৰ চিন্তাৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰে ৷

সভাত ন-পুৰণি কেবাগৰাকী শিল্পীয়ে প্ৰয়াত শিল্পীগৰাকীৰ যুগজয়ী গীত পৰিৱেশন কৰি সভাসদসকলক মুগ্ধ কৰে ৷ সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে কাকৈজানা শাখা সাহিত্য সভাৰ উপসভাপতি পূৰণ চন্দ্ৰ ৰায়ে আৰু সভাৰ আঁত ধৰে জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ   পাঠকে ৷

Your Comments