জমিৰ উদ্দিন তালুকদাৰ, ডবকা
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ আজি সপ্তম মৃত্যু বাৰ্ষিকী ব্যাপক কাৰ্যসূচীৰে পালন কৰা হয় ৷ ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সুধাকন্ঠৰ মৃত্যু বাৰ্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে ৷ কিন্ত তাৰ সম্পূৰ্ণ বিপৰীত এক দৃশ্য দেখিবলৈ পোৱা যায় হোজাই জিলাৰ ডবকাৰ সমীপৱৰ্তী চাংমাজি গাঁও পঞ্চায়তৰ মদাৰতলিত ৷
বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত মদাৰতলিত বিগত কংগ্ৰেছ চৰকাৰৰ দিনত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ নামত মুকলি মঞ্চ আৰু উদ্যান স্থাপন কৰা হৈছিল ৷ সেই উদ্যান আজি সম্পূৰ্ণ ৰূপে অনাদৃত দেখা গ'ল ৷ স্থানীয় দল-সংগঠন, পঞ্চায়ত প্ৰতিনিধিয়ে সুধাকণ্ঠ গৰাকীৰ নামত থকা মঞ্চ আৰু উদ্যানত কোনো অনুষ্ঠান পালন কৰা দূৰৰে কথা, এগচি বন্তি প্ৰজ্বলন কৰিবলৈ কাৰো আহৰি নহ'ল ৷
বিগত কংগ্ৰেছ চৰকাৰৰ অন্তিম কাৰ্যকালত মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (এনৰেগা)ৰ অধীনত বিন্নাকান্দি উন্নয়ন খণ্ডই কেবা লাখ টকা ব্যয় কৰি মুখ্য মন্ত্ৰীৰ সপোনৰ প্ৰকল্প সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান নিৰ্মাণ কৰিছিল ৷ চাংমাজি গাঁও পঞ্চায়তৰ ডবকা পাহাৰৰ নামনি অংশ মদাৰতলিত নিৰ্মাণ কৰা মুকলি মঞ্চখন আৰম্ভণিৰে পৰা বিভিন্ন পক্ষৰ দ্বাৰা উপেক্ষিত হৈ আহিছে ৷ আনকি তাতে থকা সুধাকন্ঠৰ প্ৰতিমূৰ্তিও ভাঙি পেলাইছে কোনো দুৰ্বৃত্তই ৷
সুধাকণ্ঠৰ নামত থকা মুকলি মঞ্চতে একাংশ লোকে দিনে নিশাই জুৱা খেলি পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উঠিছে ৷ লাখ লাখ টকা ব্যয় কৰি চৰকাৰে নিৰ্মান কৰা মুকলি মঞ্চৰ এই দুৰৱস্থাৰ সময়ত খবৰ নাই বিভাগীয় কতৃপক্ষ তথা জনপ্ৰতিনিধিৰ ৷ মৃত্যুতিথিত সুধাকণ্ঠ গৰাকীৰ নামত থকা মুকলি মঞ্চ আৰু উদ্যান এনেদৰে অৱহেলিত হৈ থকাত সৰ্বত্ৰে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ৷
- Log in to post comments
- 25 views