নগাঁৱত আকাশ হুণ্ডাইৰ সুধাকণ্ঠক স্মৰণ

ে

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

নগাঁও জিলাৰ ভিন্ন প্ৰান্তত গণশিল্পীগৰাকীক সোঁৱৰণ কৰাৰ লগতে জিলাখনৰ অগ্ৰণী গাড়ী বিক্ৰী প্ৰতিষ্ঠান আকাশ হুণ্ডাইৰ পৰিচালক মণ্ডলীয়ে পুৱাই প্ৰতিষ্ঠান প্ৰাংগনত অনুষ্ঠিত কৰে সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ আকাশ হুণ্ডাইৰ জেনেৰেল মেনেজাৰ পঙ্কজ বেজবৰুৱাৰ তত্বাবধানত অনুষ্ঠিত অনুষ্ঠানটিত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী, গ্ৰাহক ৰাইজে মহান শিল্পীগৰাকীৰ অবদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰে ৷

ে

সকলোৱে একেলগে সুধাকন্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে'  সমস্বৰে পৰিবেশন কৰে ৷ নিজৰ বক্তব্যত পঙ্কজ বেজবৰুৱাই অসমীয়াৰ হিয়াৰ আমঠু অমৰ শিল্পীগৰাকীৰ কালজয়ী গীতৰ মাধ্যমেৰে অসমীয়াক দি যোৱা সতৰ্ক বাণী আজি প্ৰত্যেক অসমীয়াই হৃদয়ঙ্গম কৰা অত্যন্ত আৱশ্যক হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

ব্যৱসায়িক প্ৰতিষ্ঠান হৈয়ো জাতীয় জীৱনৰ লগত জড়িত প্ৰতিটো উৎসৱ, অনুষ্ঠান উদ্ যাপন কৰি আকাশ হুণ্ডাইয়ে জাতীয় প্ৰেমৰ এক ব্যতিক্ৰম নিদৰ্শন ডাঙি ধৰিছে ৷ যাৰ বাবে প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰীকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া, কৰ্মচাৰী নিশ্চিতভাৱে শলাগৰ পাত্ৰ ৷

Your Comments