বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতিৰ উদ্যোগত আজি বিলাসীপাৰাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৭ম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। প্ৰয়াত সুধাকণ্ঠ ৭ম মৃত্যু বাৰ্ষিকী উদযাপন কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা ১১ বজাত বন্তি প্ৰজ্জ্বলন। বন্তি প্ৰজ্জ্বলন কৰে বিলাসীপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভবানী ধৰ শৰ্মা দেৱে।
সুধাকণ্ঠ হাজৰিকাৰ প্ৰতি ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে জ্যেষ্ঠ নাগৰিক সন্হা তথা গোৱালপৰীয়া লোকগীতৰ ওস্তাদ আব্দুল কৰিম খান চাহাবে।
সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ প্ৰতি ছবিত মাল্যঅৰ্পণ কৰে দয়াল পাল ডাঙৰীয়া দেৱে।ইয়াৰ পাছতে প্ৰয়াত সুধাকণ্ঠ হাজৰিকাদেৱৰ ৭ম মৃত্যু বাৰ্ষিকী উদযাপন উপলক্ষে বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতিৰ উদ্যোগত বিলাসীপাৰা আম্বেদকাৰ ভৱনত আলোচনা-চক্র অনুষ্ঠিত হয়।
উক্ত আলোচনা চক্ৰত সভাপতিত্ব কৰে বিলাসীপাৰা জ্যেষ্ঠ নাগৰিক সন্হাৰ কাৰ্য্যকৰী সভা পতি তথা বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত দয়াল পাল ডাঙৰীয়াই । উদ্দেশ্য ব্যাখ্যা কৰে ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ সভাপতি তথা বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক চিকিৎসক কানু লাল দাসে।
মুখ্য অতিথি হিচাপে বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৃদয়ানন্দ দাস আৰু বিশিষ্ট অতিথি হিচাপে ডঃ হৰিচৰণ দাসৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক ইউছুফ আলী আহমেদৰ উপৰিও বিলাসীপাৰা জ্যেষ্ঠ নাগৰিক সন্থাৰ সদস্য আৰু ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ কৰ্মকৰ্তাসকলে উপস্থিত থাকি প্ৰয়াত সুধাকণ্ঠ হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিকী উদযাপন উপলক্ষে বিভিন্ন দিশ আলোকপাত কৰে।
উক্ত আলোচনা চক্ৰৰ লগত সংগতি ৰাখি ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ তৰফৰ পৰা দৰিদ্ৰ বিধৱা মহিলা সকলৰ মাজত কম্বল বিতৰণ কৰা হয়। অনুষ্ঠানটোত প্ৰায় দুই শতাধিক জ্যেষ্ঠ নাগৰিকৰ লগতে ৰেডক্রছৰ বিলাসীপাৰা জিলা শাখাৰ সদস্য আৰু স্থানীয় ৰাইজে উপস্থিত থাকে।
- Log in to post comments
- 10 views