মৰিগাঁৱৰ পৰা জিতুমিন নাথ
বায়ুমণ্ডলত সংঘটিত হৈ থকা ভয়াৱহ প্ৰদুষণ পৃথিবীৰ জীৱকুললৈ নমাই অনা চৰম দূৰ্যোগৰ মুহূৰ্তত প্ৰদুষণ নিয়ন্তনৰ বাবে নিজা একক প্ৰচেষ্টাৰে আগবাঢ়ি আহিছে এজন ব্যক্তি । ৰাজ্যখনত উদ্ভৱ হৈ থকা এক অগ্নিগৰ্ভাময় পৰিস্থিতি মাজত এজন অনাঅসমীয়া ব্যক্তি প্ৰকৃতি সংৰক্ষণ বাবে মুকলিকৈ ওলাই অহাটোৱে বিশেষ তাৎপৰ্য্য হিচাপে বিবেচিত হৈছে।
সুদুৰ তামিলনাডুৰ পৰা কৰ্মসূত্ৰে গুৱাহাটী মহানগৰৰ ডিগাৰু বায়ুসেনা শিবিৰত কৰ্মৰত হৈ আজি প্ৰায় ৫ বছৰ মানৰ আগতে নগাঁও জিলাৰ ৰহাৰ লাওফুলাবৰী গাঁৱৰ এগৰাকী যুৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হৈ সম্পত্তি লাওফুলাবৰী গাঁৱৰ স্থায়ী বাসিন্দা হৈ পৰা ব্যক্তিজনৰ নাম হৈছে কাৰ্তিক প্ৰচান ৷ বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ প্ৰতি তেওঁৰ আছে অসীম প্ৰেম ৷ ইয়াৰ সমান্তৰালভাৱে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰা প্ৰদুষণক লৈও উদ্বিগ্ন তেওঁৰ মন ।
মনৰ মাজত উদ্ভৱ হোৱা উদ্বিগ্নতাকে সাৰথি কৰি নিজৰ একক প্ৰচেষ্টাৰে তেওঁ আগবাঢ়িব খোজিছে এক অভিযানত । দৃঢ়মনা কাৰ্তিক প্ৰচানে এই অভিযান আৰম্ভ কৰিব বিচাৰে মধ্য অসমৰ পৰা। পিছলৈ উজনি অসমলৈও অভিযান সম্প্ৰসাৰণ কৰিব বিচৰা কাৰ্তিক প্ৰচানৰ মূল উদ্দেশ্য হৈছে মধ্য অসম আৰু উজনি অসমত থকা যিমান বোৰ বিদ্যালয় আছে প্ৰত্যেকখন বিদ্যালয়তে সুবিধা অনুযায়ী ৰোপণ কৰিব ঔষধি আৰু অন্যান্য গছ ।
প্ৰাক প্ৰাইমাৰীৰ পৰা হাইস্কুললৈ সকলোতে ৰোপণ কৰিব লগা বৃক্ষ ৰোপণৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে কাৰ্তিক প্ৰচানে। মৰিগাঁও জিলাৰ চৰাইবাহী অঞ্চল পৰিভ্ৰমণ কৰি প্ৰচানে এফালৰ পৰা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ পৰা অনুমতি গ্ৰহণ কৰি যোৱা দুদিন ধৰি বৃক্ষৰোপণৰ অভিযানত নামি পৰিছে । নিজৰ একক প্ৰচেষ্টাৰে বৃক্ষ ৰোপণৰ সংকল্পলৈ অভিযানত নামি পৰা কাৰ্তিক প্ৰচানৰ এই পদক্ষেপক বিভিন্ন মহলে আদৰণি জনাইছে ৷
- Log in to post comments
- 11 views