কলিয়াবৰ পৰা প্ৰদীপ লস্কৰ
কলিয়াবৰ আৰক্ষীৰ জালত বাইক চুৰি চক্ৰ।ধৃত চক্ৰটোৰ জিন্মাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন চুৰি বাইক। শিলঘাট আৰক্ষী চকীৰ অন্তৰ্গত বাঘৰচুকৰ ৰক্তিম বৰা নামৰ লোকজনৰ ঘৰৰ পৰা যোৱা ৮ ছেপ্টেম্বৰৰ নিশা চুৰি হৈছিল এ এছ১২ আৰ ৯১০৪ নম্বৰৰ এখন বাইক । চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰীৰ নাজিৰ নামৰ যুৱকজনে বাইকখন চুৰি কৰি আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত মাজুলীৰ জমিৰ আলিৰ জৰিয়তে কুঠৰীৰ আচাদুল আলিক ৩৫ হাজাৰ টকাত বিক্ৰী কৰিছিল বুলি ধৃত যুৱকদ্বয়ে আৰক্ষী ৰ ওচৰত স্বীকাৰোক্তি দিয়ে। বিক্ৰী কৰাৰ সময়ত চুৰি বাইক খনৰ পঞ্জীয়ন নম্বৰ দিয়া হৈছিল এ এছ০২ টি১১১৪ দেখুওৱা হৈছিল। চুৰি হোৱা বাইক খনৰ গৰাকী বাঘৰচুকৰ ৰক্তিম বৰাৰ এজাহাৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে ১০০/১৮ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত চলোৱাত জালত পৰে চুৰি বাইক বিক্ৰেতা জমিৰ আলি আৰু ক্ৰেতা আচাদুল আলি। বাইকচুৰি চক্ৰটোৰ মূল অভিযুক্ত নাজিৰ হুচেইন আৰু জীয়াবুৰ ৰহমানক গাড়ী চুৰিৰ অভিযোগত যোৱা ৫ অক্টোবৰ তাৰিখে চামগুৰি থানাৰ ৬৩৬/১৮ গোচৰত গ্ৰেপ্তাৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে। সম্প্ৰতি দুয়োকে কলিয়াবৰ আৰক্ষীয়ে আচাদুল আলি আৰু জমিৰ আলিক ভাৰতীয় দণ্ড বিধি আইনৰ ৩৮o ধাৰাত গ্ৰেপ্তাৰ কৰি আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
- Log in to post comments
- 47 views