মৰিগাঁৱত ১৯৩ ভূমিহীন পৰিয়ালক ভূমিপট্টা প্ৰদান

ো

#মৰিগাৱঁৰ পৰা #জিতুমনি নাথ

অসমক অশান্ত কৰিব বিচৰা শক্তিক কোনো কাৰণতে সহ্য কৰা নহ'ব । শান্তিপ্ৰিয় অসমৰ ৰাইজে সদায় শান্তিয়ে বিচাৰে । এই ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে যৰ্থোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি সকলো ক্ষেত্রতে চোকা দৃষ্টি ৰাখি আহিছে এই মন্তব্য অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা নগৰ উন্নয়ন মন্ত্ৰী পিযুষ হাজৰিকাৰ ।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি মৰিগাঁও বিহুতলীত ভূমিহীন হিতাধিকাৰীলৈ ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণৰ  আনুষ্ঠানিক সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত ঘটনা ভ্ৰমণ কৰিবলৈ অহা তৃণমূল কংগ্ৰেছৰ দলটোক বসন্তৰ কুলি চৰাইৰ আখ্যা দি একাংশই ইয়াকে লৈ ৰাজনীতি কৰিব বিচাৰিছে বুলি অভিযোগ তুলে ।

ে

চৰকাৰৰ উন্নয়ন মূলক আচনিৰ কথা কৈ মন্ত্ৰী হাজৰিকাই কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আচঁনিৰ ধন ২৫০ টকাৰ পৰিৱৰ্তে ৫০০ টকা হ'ব বুলি ঘোষণা কৰি বৰ্তমান চৰকাৰৰ দিনত বৃহৎ পৰিৱৰ্তন হোৱা বুলি দাবী কৰে । মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়াই আঁত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে নৱনিযুক্ত জিলা উপায়ুক্ত ৰিতুৰাজ বৰাই ।

মৰিগাঁও সমষ্টিৰ বিধায়ক তথা মীন উন্নয়ন বিভাগৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ভাষণ প্ৰদান কৰা সভাখনত জিলা বিজেপিৰ সভাপতি ধৰণীধৰ বৰদলৈকে প্ৰমুখ্যে কৰি জিলাখনৰ আটাইকেইটা চক্ৰৰে চক্ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

সভাখনত জিলাখনৰ ৫টা ৰাজহ চক্ৰৰ মুঠ ১৯৩টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰে । ইয়াৰ ভিতৰত লাহৰীঘাটত ৩৩টা, মৰিগাঁৱত ২৯টা, ভূৰাগাঁৱত ২১টা, মায়ংত ১০৪টা,আৰু মিকিৰভেটাত ৬টা পৰিয়ালক ভূমি পট্টা ৰাজহুৱাকৈ প্ৰদান কৰা হয় । জিলাখনত মুঠ ৫০০০টা ভূমিহীন পৰিয়ালে মাটিৰ পট্টাৰ অনুমোদন পোৱা বুলি জিলা উপায়ুক্ত ৰিতুৰাজ বৰাই সভাত অৱগত কৰে ।

Your Comments