বঙাইগাঁৱত চি পি আই (এম) দলৰ প্ৰতিবাদী সমদল

a

তিনিচুকীয়া জিলাৰ ধলাৰ ছৈখোৱাৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত তথা সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰা,  সাধাৰণ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু ঘটনাত জড়িত উগ্ৰপন্থীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত শুকুৰবাৰে  সন্ধিয়া চি পি আই(এম) দলে বঙাইগাঁও চহৰত এক প্ৰতিবাদী সমদল উলিয়ায় ৷ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন দাবীসম্বলিত প্লে-কাৰ্ড আৰু দলীয় পতাকা লৈ হত্যালীলা বন্ধ কৰক, শান্তি সম্প্ৰীতি অটুট ৰাখক,  সকলো নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰক, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, বঙালী-অসমীয়াৰ ৰাজনীতি কৰা নচলিব, সাধাৰণ মানুহক হত্যা কৰা হৈছে কিয় জবাব লাগে জবাব দিয়ক, সাম্প্ৰদায়িক ৰাজনীতি কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰ হায় হায় আদি শ্লোগান দিয়াৰ লগতে সমদল কৰি মায়াপুৰী তিনিআলিত উপস্থিত হৈ এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে, কাৰ্যসূচীত দলৰ নেতা-কৰ্মীসকলে অংশ লয় ৷

Your Comments