মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান 

ে

মধ্য অসমৰ আগশাৰীৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়ৰ মহাৰজত  জয়ন্তীৰ সামৰণী অনুষ্ঠান অহা ২০১৯ চনৰ ৭ আগষ্টৰ পৰা আৰম্ভ হ'ব । সামৰণী অনুষ্ঠানৰ  লগত  সংগতি  ৰাখি  এখনি  স্মৃতিগ্ৰন্থ  প্ৰকাশ কৰাৰ  যো-জা কৰা হৈছে । স্মৃতিগ্ৰন্থখনিত প্ৰকাশৰ বাবে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী তথা শুভাকাংক্ষীৰ  পৰা  লেখা  আহ্বান  কৰা  হৈছে ।

স্মৃতিগ্ৰন্থখনিত  প্ৰকাশ কৰিবৰ বাবে  লেখাৰ  বিষয়বস্তু  নগাঁও মহাবিদ্যালয়ৰ  ঐতিহ্য আৰু বৰ্তমানৰ লগত  সংগতি থকা বা ভৱিষ্যৎ ৰূপৰেখাক  লৈ  হ'ব লাগিব আৰু  অসমীয়া,ইংৰাজী  বা  বাংলা  যিকোনো  ভাষাত লিখা হ'ব লাগিব । লেখাসমূহ ৪০০ শব্দৰ ভিতৰত হ'ব লাগিব আৰু অতি দীঘলীয়া প্ৰবন্ধ প্ৰকাশৰ বাবে বিবেচিত  নহ'ব ।

লেখাসমূহ ড: মনোজ কুমাৰ নাথ, সম্পাদক স্মৃতিগ্ৰন্থ প্ৰকাশ সমিতি, নগাঁও মহাবিদ্যালয় মহাৰজত জয়ন্তী উদযাপন সমিতি, নগাঁও মহাবিদ্যালয়,নগাঁও(অসম), পিন-৭৮২০০১ বা ইমেইল-mknath2007@rediffmail.com এই ঠিকনাত ৩১  ডিচেম্বৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব । উল্লেখযোগ্য যে  নগাঁও মহাবিদ্যালয়ৰ  মহাৰজত জয়ন্তী আৰম্ভণী অনুষ্ঠান যোৱা ৭  আগষ্টৰ পৰা পাঁচদিনীয়া  কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল ।

Your Comments