উত্তৰ-পূব শিশু গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰ ছাত্ৰ-ছাত্ৰীৰ উৎসাহজনক সঁহাৰি

ে

নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহেৰুবালিত অনুষ্ঠিত হৈ থকা উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ আজি চতুৰ্থ দিনা গ্ৰন্থপ্ৰেমীৰ উৎসাহজনক সহাঁৰিয়ে হাঁহি বিৰিঙাইছে গ্ৰন্থ বিক্ৰেতাসকলক । বিশেষকৈ আজি অসম বন্ধৰ কালছোৱাত কোনোধৰণৰ প্ৰভাৱ নপৰা এই শিশু গ্ৰন্থমেলাত পুৱাৰে পৰা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সোঁত বয় । ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থমেলাৰ বিপণীত ভিৰ কৰা পৰিলক্ষিত হোৱাৰ লগতে নিজৰ প্ৰিয় গ্ৰন্থখন বিচাৰি গ্ৰন্থমেলাস্হলী চলাথ কৰে ।

উল্লেখ্য যে, উত্তৰ-পূব শিশু গ্ৰন্থমেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত যোৱা ৩১ অক্টোবৰৰ পৰা ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ আজি পুৱা ১০ বজাৰ পৰা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্হাৰ উদ্যোগত "শিশুৰ সুৰক্ষা, যতন আৰু শিশু শ্ৰমিক প্ৰতিৰোধ" শীৰ্ষক বিষয়ত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ।

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্হাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ সঞ্চালনাত আৰু সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱা  আলোচনা চক্ৰখনিত অৱসৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া প্ৰমীলা কন্দলী,অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া প্ৰেমেশ্বৰ দাস, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতি, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ দিলীপ বৰুৱা, শিশু সুৰক্ষা বিষয়া পল্লৱী শইকীয়া আদিয়ে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই উদ্বোধন কৰা আলোচনাত-চক্ৰখনিৰ আঁতধৰে খগেন চন্দ্ৰ নাথে ।

ে

এই আলোচনা-চক্ৰখনিৰ পিছতেই নগাঁৱৰ আগশাৰী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত "সৰ্বভাৰতীয় প্ৰেক্ষাপটত শ্ৰীমন্ত শংকৰদেৱ" শীৰ্ষক আলোচনা-চক্ৰ অনুষ্ঠিত হয় । ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ দিলীপ বৰাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা-চক্ৰখনিত সমল ব্যক্তি হিচাপে শিক্ষাবিদ তথা শংকৰী কলা-কৃষ্টিৰ গৱেষক সঞ্জীৱ কুমাৰ বৰকাকতিয়ে অংশগ্ৰহণ কৰে ।

বিয়লি মেলডী হোম সংগীত বিদ্যালয়ৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। সন্ধিয়া নগাঁৱৰ আন এখন অগ্ৰণী শিক্ষানুষ্ঠান সন্দিপনী বিদ্যামন্দিৰৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে । কাইলৈ উত্তৰ-পূব শিশু গ্ৰন্থমেলাত পুৱাৰে পৰা শিশুৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হব। পুৱা ৯ বজাত "ৰং আৰু সাধুৰ ধেমালি" শীৰ্ষক শিশুৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৰংসনা প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব সমীৰণ বৰুৱাই ।

দিনৰ ১১ বজাৰ পৰা শিশুৰ মাজত সাধু কোৱা, ৰচনা, কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । বিয়লি ৪ বজাত সুৰৰ পানচৈ শিল্পী সমাজৰ দ্বাৰা "শৰতৰ আবেলি শব্দমুখৰ আবেলি" শীৰ্ষক কাব্য-গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব ।সন্ধিয়া নৱৰূপ জাতীয় বিদ্যাপীঠৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ’ব ।

Your Comments