নগাঁও উপায়ুক্ত কাৰ্যালয়ত দুৰ্নীতি : দণ্ডাধীশ শাখাৰ জ্যেষ্ঠ সহায়কৰ মুকলি ধনদাবী

নগাঁও উপায়ুক্ত কাৰ্যালয়ত দুৰ্নীতি : দণ্ডাধীশ শাখাৰ জ্যেষ্ঠ সহায়কৰ মুকলি ধনদাবী

দেৱালী বা দীপাৱলী হ'ল পোহৰৰ উৎসৱ, অসত্যৰ ওপৰত সত্যৰ বিজয়ৰ উৎসৱ । কিন্তু দেৱালীলৈ তিনিদিন বাকী থকাৰ সময়তে নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ত দেৱালীৰ ফটকা বিক্ৰীৰ অনুমতি প্ৰদানৰ নামত উৎকোচ লোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে ।

চৰকাৰে এনে অস্থায়ীভাৱে ফটকা বিক্ৰীৰ অনুমতিৰ-পত্ৰৰ বাবে চৰকাৰী মাচুল ৫০০ টকা নিৰ্ধাৰিত কৰিছে যদিও নগাঁও জিলাৰ দণ্ডাধীশ শাখাত দাখিল কৰা আবেদন-পত্ৰসমূহ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰতিবেদনৰ বাবে প্ৰেৰণ কৰাৰ বাবেই দণ্ডাধীশ শাখাত কৰ্মৰত চাহাব উদ্দিন নামৰ জ্যেষ্ঠ সহায়কজনক আবেদনকাৰীসকলে ৫০০ টকাকৈ উৎকোচ দিবলগা হয় ।

নগাঁও উপায়ুক্ত কাৰ্যালয়ত দুৰ্নীতি : দণ্ডাধীশ শাখাৰ জ্যেষ্ঠ সহায়কৰ মুকলি ধনদাবী

 নগাঁও জিলাৰ খুচুৰা ফটকা বিক্ৰেতাসকলে অভিযোগ কৰামতে, বিভিন্ন সময়ত কাম কৰি দিয়াৰ বিনিময়ত জ্যেষ্ঠ সহায়কজনে মুকলিভাৱে দাবী কৰে উৎকোচ ৷ বৰ্তমান ফটকা বিক্ৰীৰ অনুমতি-পত্ৰৰ বাবে বিক্ৰেতাসকলৰ পৰা প্ৰতিখন অনুমতি পত্ৰৰ বাবদ পাঁচ হাজাৰৰ পৰা সাত হাজাৰলৈকে টকা দাবী কৰিছে । 

আৰক্ষী বিভাগৰ প্ৰতিবেদন, অগ্নিনিৰ্বাপক বাহিনীৰ আপত্তিবিহীন প্ৰমাণ-পত্ৰ, স্থানীয় পৌৰসভাৰ মাচুল আদি নিয়ম মতে আদায় দিয়াৰ পাছত উপায়ুক্ত কাৰ্যালয়ৰ পৰা ফটকা বিক্ৰীৰ অনুমতি লাভ কৰিবৰ বাবে যদি চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া মাচুলৰ উপৰি দুৰ্নীতিগ্ৰস্ত সহায়কজনক পাঁচৰ পৰা সাত হাজাৰ টকা উৎকোচ দিবলগা হয় তেনেহ'লে বিক্ৰেতাসকলে খুচুৰা ফটকা বিক্ৰী কৰি কি লাভালাভ কৰিব বুলি প্ৰশ্ন উথ্থাপন কৰে। 

নগাঁও জিলাৰ একাংশ খুচুৰা ফটকা ব্যৱসায়ীয়ে ইতিমধ্যে বিষয়টো নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক অৱগত কৰোৱাত বিধায়কজনে উপাযুক্তক অৱগত কৰিব বুলি আশ্বাস দিয়ে বুলি জানিবলৈ দিছে ।

আনহাতে, দুৰ্নীতিপৰায়ণ কৰ্মচাৰীজনৰ বিৰুদ্ধে আৰ টি আই তথ্য প্ৰদান, বিভিন্ন প্ৰমাণ-পত্ৰ আদিৰ বাবে কাৰ্যালয়লৈ যোৱা জনসাধাৰণৰ পৰা দাবী-ধমকিৰেও উৎকোচ আদায় কৰাৰ বহু অভিযোগ আছে বুলিও জানিব পৰা গৈছে ৷ 

যিসময়ত ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে বুলি দাবী কৰিছে সেই সময়তে খোদ নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ দাণ্ডাধীশ শাখাত চাহাব উদ্দিনৰ দৰে দুৰ্নীতি পৰায়ণ কৰ্মচাৰীৰ বিৰুদ্ধে উপায়ুক্ত বিশ্বজিৎ পেগুৱে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

Your Comments