ডবকাত ধলাত সংঘটিত নিৰীহ হত্যাৰ প্ৰতিবাদ

ডবকাত ধলাত সংঘটিত নিৰীহ হত্যাৰ প্ৰতিবাদ

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

তিনিচুকীয়া জিলাৰ ধলাত আততায়ীৰ হাতত কৰুণ মৃত্যুক সাৱটি লোৱা নিৰীহ ৫গৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই বৃহত্তৰ ডবকা নাগৰিক মঞ্চৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নিহতসকলৰ আত্মাৰ শান্তি কামনা কৰি শুকুৰবাৰে সন্ধিয়া ডবকা পুলিচ পইণ্টত প্ৰথমে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

তাৰ পিছতে পুলিচ পইন্টৰ কাষতে থকা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিৰ কাষত এক পথসভা অনুষ্ঠিত হয় ৷ ডবকা হাজী আনফৰ আলী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আলহাজ আব্দুৰ ৰহমান বৰভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত ধলাত আততায়ীৰ হাতত নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা কৰা হয় ৷

বৃহত্তৰ ডবকা নাগৰিক মঞ্চৰ সম্পাদক তথা ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ফাৰুক আহমেদে আঁতধৰা অনুষ্ঠানটিত অধ্যাপক ৰশীদ আহমেদ, নাৰায়ণ ভৌমিক, আব্দুল জলিল পাটোৱাৰী, জমিৰ উদ্দিন তালুকদাৰ, আব্দুল হাই মীৰ, আলম হুছেইন তালুকদাৰ, কবিৰ আহমেদ লস্কৰসহ বহু কেইগৰাকী ব্যক্তিয়ে নিজৰ নিজৰ চমু বক্তব্যত ধলা কাণ্ডৰ নিন্দা কৰে ৷

এয়া মানুহ আৰু মানৱতাৰ মৃত্যু বুলিও কোৱা হয় ৷ লগতে সভাত প্ৰতিগৰাকী বক্তাই হোজাই জিলাত শান্তি-সম্প্ৰীতি, আইন-শৃংখলা ৰক্ষা কৰাৰ অংগীকাৰ কৰে ৷ ইপিনে সভাৰ এক প্ৰস্তাৱ অনুসৰি ধলা কাণ্ডৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী আৰু নিহতৰ নিকটাত্মীয়লৈ ক্ষতিপূৰণ হিচাপে ২০ লাখ টকাৰ দাবী কৰি মুখ্য মন্ত্ৰীলৈ এখনি স্মাৰক-পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত কৰা হয় ৷

সভাত ডবকাৰ কে'বা শতাধিক লোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি অংশ লয় ৷ সভাত বৃহত্তৰ ডবকা নাগৰিক মঞ্চৰ সম্পাদক বদৰুল ইছলাম বেগসহ বহু কেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷

Your Comments