বৰপেটাৰোডত শান্তি-সমন্বয়ৰ বাবে দল-সংগঠনক লৈ আৰক্ষীৰ সভা

বৰপেটাৰোডত শান্তি-সমন্বয়ৰ দল-সংগঠনক লৈ আৰক্ষীৰ সভা

বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ

তিনিচুকীয়াৰ ধলাত বৃহস্পতিবাৰে নাৰকীয় ঘটনা সংঘটিত হোৱাৰ পিছত তাৰেই প্ৰতিক্ৰিয়াত বৰপেটাৰোডত যাতে কোনোধৰণৰ বিষবাষ্প বিয়পাব নোৱাৰে তাৰবাবে বৰপেটাৰোড আৰক্ষী থানাৰ উদ্যোগত থানা চৌহদত শুকুৰবাৰে এখনি সভা অনুষ্ঠিত হয় ৷

বৰপেটাৰোডত শান্তি-সমন্বয়ৰ দল-সংগঠনক লৈ আৰক্ষীৰ সভা

বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ বৰুৱাই এই সভাখনিৰ আঁতধৰি কোনো উৰাবাতৰিক প্ৰশ্ৰয় নিদিবলৈ আৰু সাম্প্ৰদায়িক প্ৰৰোচনামূলক মন্তব্য নকৰিবলৈ আহ্বান জনোৱাৰ লগতে আৰক্ষীক আইন-শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত সহায়-সহযোগ কৰিবলৈ অনুৰোধ জনায় ৷

সভাত বৰপেটাৰোডৰ বিভিন্ন সংগঠন, পৌৰসভাৰ সভানেত্ৰী আৰু উপ-পৌৰপতি ফুলেন দাস, ৰাম অৱতাৰ মহেশ্বৰী,  আবু তালেব আহমেদ, নীৰেন নাথ, দীপক দাস, ধীৰাজ দেউৰী, চৈয়দ আহমেদ আলী, ডিম্বেশ্বৰ দাস প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্ৰদান কৰি শান্তি-সম্প্ৰতি অটুট ৰখাত গুৰুত্ব আৰোপ কৰি বৰপেটাৰোডবাসীয়ে একতাৰ বান্ধোন আৰু সম্প্ৰীতিৰ এনাজৰীৰে যিদৰে পূৰ্বৰে পৰা আছে সেয়া অনাগত দিনটো অটুট ৰখাৰ বাবে সমূহ ৰাইজক আহ্বান জনায় ৷
 

Your Comments