তিনিচুকীয়া জিলাৰ ধলাত বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই পাঁচগৰাকী নিৰীহ লোকক শূন্য দূৰত্বৰ পৰা নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা ঘটনাক বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে গৰিহণা দিছে ৷
প্ৰেছ ক্লাবে উক্ত ঘটনাত নিহতসকলৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ লগতে অসমৰ মাটিত ভাতৃত্বপূৰ্ণ সম্পৰ্কেৰে বসবাস কৰি অসমীয়া জাতীয় জীৱনৰ সৈতে সহাৱস্থান কৰা বাংলাভাষী লোকসকলক ন্যস্ত স্বাৰ্থজড়িত মহলে আক্ৰমণৰ সহজ লক্ষ্য কৰি লোৱা কাৰ্যত প্ৰেছ ক্লাবে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷
অসমীয়া জাতীয় জীৱনৰ সংকটপূৰ্ণ সময়ত অসমৰ সকলো পক্ষকে পৰস্পৰ বিৰোধী আক্ৰমণাত্মক মন্তব্যৰে আক্ৰমণ-প্ৰত্যাক্ৰমণ কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ অনুৰোধ জনায় ৷
ইপিনে যোৱা ৩০ অক্টোবৰত ছত্তীশগড়ত নক্সালপন্থীৰ আক্ৰমণত নিহত হোৱা দূৰদৰ্শনৰ কেমেৰামেন অচ্যুতানন্দ চাহুৰ অকাল মৃত্যুত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷
- Log in to post comments
- 2 views