মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
তিনিচুকীয়া জিলাৰ ধলাত বৃহস্পতিবাৰে নিশা দুষ্কৃতিকাৰীয়ে নিৰীহ লোকৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক মাজুলী জিলাৰ নাগৰিক সমাজে একেমুখে গৰিহণা দিছে ।
মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সভাপতিত্বত শুকুৰবাৰে বিয়লি উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এখন শান্তি সভাত অংশগ্ৰহণ কৰি নদীদ্বীপ জিলাখনৰ বিভিন্ন দল-নাগৰিক সংগঠনৰ প্ৰতিনিধি, বঙালী সমাজৰ নেতৃবৰ্গ, সাংবাদিক, জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ আদিয়ে এনে অমানৱীয় ঘটনাক নিন্দা কৰাৰ লগতে মৃতকৰ প্ৰতি সন্মান জনাই এক মিনিট মৌন প্ৰাৰ্থনা কৰে ।
সভাত সৰ্বসন্মতিৰে গৃহীত এক প্ৰস্তাৱৰ জৰিয়তে মাজুলীবাসীৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণক বিভেদকামী শক্তিৰ বিৰুদ্ধে এক হৈ থিয় দিবলৈ আৰু অসমীয়া সমাজ জীৱনৰ সাতামপুৰুষীয়া শান্তি-সৌহাৰ্দ্য আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কোনো কাৰণতে যাতে বিঘ্নিত হ'ব নোৱাৰে, তাৰ প্ৰতি সজাগ-সচেতন হৈ থাকিবলৈ আহ্বান জনায় ।
মাজুলী জিলাৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত উপায়ুক্তদ্বয় নৰেণ দাস আৰু চিন্ময় নাথৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই শান্তি সভাত বিজেপি, কংগ্ৰেছ, গণশক্তি দল, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, আক্ৰাছু, টাকাম মিছিং পৰিণ কেবাং, মাজুলী জিলা বেংগলী সমখজ বিকাশ সমিতি, অনূসূচিত জাতি ছাত্ৰ সন্থা, জিলা সাংবাদিক সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা, পেন্সনাৰ্ছ সন্থা আদি ভালেকেইটা স্থানীয় নাগৰিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
নাগৰিক সমাজৰ প্ৰতিনিধিসকলে একেমুখে মত পোষণ কৰে যে হত্যা-হিংসাই ৰাজ্যখনৰ কোনো ধৰণৰ উপকাৰ সাধিব নোৱাৰাৰ বিপৰীত এনে অবাঞ্চিত ঘটনাই সমাজ জীৱন বিষময় কৰাৰ লগতে জনসাধাৰণক ক্ষতিহে কৰিব ।
সভাই সকলোকে সংযম ৰক্ষাৰ লগতে বিভিন্ন সামাজিক মাধ্যম তথা সংবাদ মাধ্যমতো যিকোনো ধৰণৰ প্ৰৰোচনামূলক, উচটনিমূলক তথা বিদ্বেষপূৰ্ণ বক্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ গোহাৰি জনায় ।
- Log in to post comments
- 77 views