তিনিচুকীয়াৰ নৃশংস হত্যাকাণ্ড : বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শান্তি সভা-সমিতি গঠন

তিনিচুকীয়াৰ নৃশংস হত্যাকাণ্ড : বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শান্তি সভা-সমিতি গঠন

তিনিচুকীয়াৰ ধলা-শদিয়াত বৃহস্পতিবাৰে নিশা সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পিছতে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ লগতে এই ঘটনাই যাতে গোটেই অসমকে প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে শান্তি সভা অনুষ্ঠিত কৰাৰ নিৰ্দেশনা দিছে ৷ সেইমৰ্মে বঙাইগাঁও জিলাতো উপায়ুক্ত বাবুলাল শৰ্মাৰ তৎপৰতাত আজি আবেলি জিলা উপায়ুক্তৰ সভাপতিত্বত এখন শান্তি সভা অনুষ্ঠিত কৰা হয় ৷জিলা উপায়ুক্ত

কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই শান্তি সভাত বিজেপি, কংগ্ৰেছ, চি পি আই (এম), অগপ,  আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, আমছু, আক্ৰাছু, আছা, বেংগলী ফেডাৰেচন,  মাৰোৱাৰী যুৱ মঞ্চ, বঙাইগাঁও বাৰ কাউন্সিল আদি দল-সংগঠনৰ লগতে জ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী, সাংবাদিক আদি উপস্থিত থাকে ৷

সভাত বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গই সেই সন্ত্ৰাসবাদী কাৰ্যকলাপক গৰিহণা দিয়ে আৰু বঙাইগাঁও জিলাত তেনে ধৰণৰ ঘটনা যাতে নহয় তাৰবাবে জিলা প্ৰশাসনৰ সহায় কামনা কৰে ৷ তদুপৰি, আৰক্ষী অধীক্ষকক তেওঁলোকে নিৰাপত্তাৰ দিশত গুৰুত্ব দিবলৈ অনুৰোধ জনায় ৷ আনহাতে, সাংবাদিকসকলক বাতৰি পৰিৱেশন কৰোঁতে সাৱধান হ'বলৈ আহ্বান জনায়, যাতে কোনো উত্তেজনা সৃষ্টিকাৰী বাতৰি পৰিৱেশিত নহয় ৷

সভাত উপায়ুক্ত বাবুলাল শৰ্মাই বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গক আহ্বান জনাই কয় যে নিজৰ নিজৰ এলেকাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত হ'লে সেই বিষয়ে তৎকালে উপায়ুক্তক জনায়, যাতে জিলা প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব পাৰে ৷ আনহাতে, ছ'চিয়েল মিডিয়াত পৰিৱেশিত বাতৰি সম্পৰ্কত নেতৃবৰ্গৰ প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনে জানিবলৈ দিয়ে যে আৰক্ষী থানাত এটা কোষ আছে ৷

তেওঁলোকে বিৰূপ বাতৰি ছ'চিয়েল মিডিয়াত প্ৰকাশ পালে তৎকালীনভাৱে ব্যৱস্থা লয় ৷ তেনেকুৱা ব্যক্তিক বিচাৰি তৎক্ষণাত তেওঁৰ বক্তব্য উঠাই ল'বলৈ বাধ্য কৰায় ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে আৰু কয় যে কোনো সেনা বা অৰ্ধসামৰিক বাহিনীয়ে আৰক্ষী অবিহনে অভিযান চলাব নোৱাৰে ৷ গতিকে যদি কোনো সেনা বা অৰ্ধসামৰিক বাহিনীয়ে আৰক্ষী নোহোৱাকৈ কাৰোবাৰ ঘৰত অভিযান চলায় সেই বিষয়ে আৰক্ষীক জনাবলৈ নেতৃবৰ্গক আহ্বান জনায় ৷

উল্লেখ্য যে এই সভাতেই উপায়ুক্ত বাবুলাল শৰ্মাক সভাপতি হিচাপে লৈ বিভিন্ন দলৰ নেতৃবৰ্গক তথা সমাজ কৰ্মীক সদস্য হিচাপে লৈ এখন শান্তি সমিতি গঠন কৰা হয় ৷ এই শান্তি সমিতিখনে ঠায়ে ঠায়ে গৈ পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিব যাতে শান্তি সমিতিৰ বাবে বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰে ৷

সভাত জিলাৰ অতিৰিক্ত উপায়ুক্তসকল, অন্যান্য দণ্ডাধীশসকল, বঙাইগাঁও সদৰ মহকুমাধিপতি, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি, বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যক্ষ, বঙাইগাঁও পৌৰসভাৰ সভাপতি, অতিৰিক্ত আৰক্ষী অধীক্ষক আদি উপস্থিত থাকে ৷

Your Comments