নগাঁৱৰ পৰা ৱাহিদুদ জামান
"বন্দুকধাৰীতকৈ তেওঁলোকক বিষাক্ত চিন্তা সুমুৱাই দিয়াসকলো কম দোষী নহয় । এতিয়া অসমীয়া জাতি সংকটৰ আৱৰ্তত সোমাই পৰিছে । এতিয়া আমি সকলোৱে সু-চিন্তিতভাৱে আগবাঢ়িলেহে জাতিটোৰ সংকট দূৰ কৰিব পৰা যাব ।" এই মন্তব্য অনুৰাধাৰ দেশখ্যাত বিশিষ্ট সাহিত্যিক, সাংবাদিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ।
নগাঁও চহৰৰ কলংপাৰৰ নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত যোৱা ৩১ অক্টোবৰৰ পৰা চলি থকা উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ আজি তৃতীয় দিনা বিয়লি সাহিত্যিক ভূপেন্দ্ৰ চন্দ্ৰ দাসৰ নিবন্ধ সংকলন "অসমৰ জ্বলন্ত সমস্যাৰ ৰূপৰেখা" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত দেৱচৌধুৰীয়ে অসমৰ শেহতীয়া পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কৰি আৰু কয়, "এই মুহূৰ্তত কিতাপেই আমাৰ আচল লগৰী ।
কিতাপেই আমাক প্ৰকৃত পথৰ সন্ধান দিব পাৰে । সাম্প্ৰতিক সময়ত অসমীয়া জাতিৰ সন্মুখত দেখা দিয়া বিপদ দূৰ কৰিবলৈ হ'লে সকলো নেতা, বুদ্ধিজীৱী, জাতীয় সংগঠন, চৰকাৰ সকলোৱেই সন্তৰ্পণে খোজ দিব লাগিব ।" প্ৰসংগক্ৰমে তেওঁ কয়, "আমি নিজেই নিজক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব ।
আমাৰ ডেকা বয়সৰ পৰাই অসমত যিমান সমস্যা দেখি আহিছোঁ সেইবিলাকৰ তালিকা প্ৰস্তুত কৰিলে এখন মহাভাৰত হ'ব । এই সমস্যাবিলাক আন্তৰিকতাৰে সমাধান কৰিবলৈ সকলো আগবাঢ়ি অহা উচিত ।" ভূপেন্দ্ৰ চন্দ্ৰ দাসৰ গ্ৰন্থখনৰ কথা উল্লেখ কৰি দেৱচৌধুৰীয়ে কয় যে গ্ৰন্থখনত অসমৰ বিভিন্ন সমস্যাৰ বিষয়ে সাৱলীল বাখ্যা দাঙি ধৰা হৈছে ।
গ্ৰন্থৰ সুবাসৰ কথা উল্লেখ কৰি তেওঁ নৱপ্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায় । সাহিত্যিকগৰাকীয়ে উত্তৰ-পূব শিশু গ্ৰন্থমেলাই প্ৰকাশ কৰি উলিওৱা "আলোকৰ যাত্ৰা" শীৰ্ষক স্মৰণিকাখনো উন্মোচন কৰে ।
অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত শিক্ষাবিদ মুকুল শইকীয়া, চন্দ্ৰ শইকীয়া, সমাজকৰ্মী দেৱেন শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে । পৰিষদৰ জিলা শাখাৰ সভাপতি ভদ্ৰেশ্বৰ ৰাজখোৱাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানৰ আঁতধৰে সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে । অনুষ্ঠানত নৃত্য, গীত আদি পৰিবেশন কৰা হয় ।
সন্ধিয়া ৰহাৰ অকণি কবিতা ঘৰৰ কণ কণ শিশুসকলে গীত-নৃত্যৰে গ্ৰন্থমেলাস্থলী মুখৰিত কৰি তোলে । ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে বিদ্যানিকেতন পুৰণিগুদামে ।
ইপিনে, উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ তৃতীয় দিনটোৰ কাৰ্যসূচী অনুসৰি, পুৱা লেখিকা সংস্থা, নগাঁও জিলা সমিতিৰ উদ্যোগত নিচুকণি গীত আৰু বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিশিষ্ট লেখিকা বীণা শৰ্মাই উদ্বোধন কৰা এই প্ৰতিযোগিতাত দুকুৰিৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । নিচুকণি গীত আৰু বিয়ানামেৰে আজি জীপাল হৈ পৰে নেহৰুবালি বাকৰি ।
শিশু গ্ৰন্হমেলাৰ আজি তৃতীয় দিনটোত গ্ৰন্থ বিপনীসমূহত যথেষ্টসংখ্যক গ্ৰন্থপ্ৰমীয়ে ভিৰ কৰা পৰিলক্ষিত হয় । গ্ৰন্থপ্ৰেমী, লেখক, পাঠক, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে জাতিস্কাৰ কৰি তোলে কলংপাৰৰ নেহৰুবালিৰ গ্ৰন্থমেলাথলী ।
গ্ৰন্থ বিপণীসমূহত বিক্ৰী খুবেই আশাপ্ৰদ বুলি জানিব পৰা গৈছে । ৩ নৱেম্বৰৰ গ্ৰন্থমেলাৰ কাৰ্যসূচী অনুসৰি, কাইলৈ পুৱা ১০ বজাত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্হাৰ উদ্যোগত আলোচনা-চক্ৰ, বিয়লি ১ বজাত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ আলোচনা-চক্ৰ, বিয়লি ৫ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।
- Log in to post comments
- 13 views