বিশ্বনাথৰ অৰুণাচল সীমান্তৱৰ্তী দাফলাকাটাত বেইলি দলঙৰ আধাৰশিলা স্থাপন

বিশ্বনাথৰ অৰুণাচল সীমান্তৱৰ্তী দাফলাকাটাত বেইলি দলঙৰ আধাৰশিলা স্থাপন

বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস

পৰিৱৰ্তনৰ শ্লোগানেৰে বিধায়কৰ গুৰুদায়িত্ব লাভ কৰা বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আজি বিভিন্ন চৰকাৰী আঁচনিৰ অধীনৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত অতিকৈ দুৰ্বল অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়নৰ বাবেও বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে বিধায়কগৰাকীয়ে ।

অসম-অৰুণাচল সীমান্তৱৰ্তী পাভৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডাফলাকটা পাভৈ সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক প্ৰমোদ বৰঠাকুৰে । বছৰ বছৰ ধৰি ৰোগী অনা-নিয়া কৰা আৰু বিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলে অঞ্চলটোত থকা ভগা কাঠৰ দলংখনৰ বাবে দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছিল ।

কিন্তু ১৮ লাখ ৪৪ হাজাৰ টকা ব্যয়সাপেক্ষে অঞ্চলটোত নিৰ্মাণ কৰিবলগীয়া লোহাৰ দলংখনে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে উপকৃত কৰিব । উল্লেখ্য যে দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি অহা অঞ্চলটোৰ ৰাইজে দলঙৰ আধাৰশিলা স্থাপনৰ দিনাই ফটকা ফুটাই আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয় ।

কেইবা শতাধিক লোক উপস্থিত থকা শুভাৰম্ভণী অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত বিধায়ক প্ৰমোদ বৰঠাকুৰে সীমান্তৱৰ্তী গাঁৱত যাতায়াতৰ সুচল ব্যৱস্থা কৰাত গড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সফল হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷ অনুষ্ঠানত পাভৈ চাহ বাগিচাৰ পৰিচালক ভৰত সিং ৰাথোৰ, গড়কপ্তানী বিভাগৰ অভিযন্তা মুনিন্দ্ৰ কুমাৰ ডেকাকে আদি কৰি বহু গণ্য-মান্য লোক উপস্থিত থাকে ৷

আনহাতে,  বিশ্বনাথৰ বুঢ়ীগাং পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱত আজি পুৱাৰ ভাগত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনৰ ২০১৬-২০১৭ বিত্তীয় বৰ্ষৰ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰি শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে ।

ইয়াৰে ভিতৰত ২ লাখ টকা ব্যয়সাপেক্ষে দক্ষিণ মৰলগাঁও অংগনাৱাড়ী কেন্দ্ৰৰ পকী বেৰা, ২ লাখ টকা ব্যয়সাপেক্ষে ওপৰ বাঘমৰা গাঁৱৰ সমূহীয়া ভৱন, ২ লাখ ৪০ হাজাৰ টকা ব্যয়সাপেক্ষে চিলামাৰি তিনিআলিত কালভাৰ্ট নিৰ্মাণ, ২ লাখ টকা ব্যয়সাপেক্ষে জাপৰিগুৰি গাঁৱত সমূহীয়া ভৱন নিৰ্মাণ, ২ লাখ টকা ব্যয়সাপেক্ষে দক্ষিণ দগাঁৱত পথ নিৰ্মাণ, ৩ লাখ টকা ব্যয়সাপেক্ষে উত্তৰ মৰল গাঁৱত সমূহীয়া ভৱন নিৰ্মাণ, বালিপুখুৰীৰ ২নং ৱাৰ্ডত ২.৫ লাখ টকা ব্যয়সাপেক্ষে সমূহীয়া ভৱন নিৰ্মাণ, ২.২৫ লাখ টকা ব্যয়সাপেক্ষে বুঢ়ীগাং গাঁও পঞ্চায়তৰ সন্মুখত শিশু উদ্যান নিৰ্মাণ আদি ৷ সৰ্বমুঠ ২৪.১৫ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ১১খনকৈ আঁচনিৰ তদাৰক কৰিব বুঢ়ীগাং গাঁও পঞ্চায়তে ৷

Your Comments