তিনিচুকীয়া জিলাৰ ধলাৰ চৈখোৱাত সংঘটিত ঘটনা সন্দৰ্ভত কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এক প্ৰেছ বিবৃতিত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায় আৰু সাধাৰণ সম্পাদক জীৱেশ ৰায়ে তিনিচুকীয়াৰ চৈখোৱাৰ নিৰপৰাধী পাঁচজনকৈ লোক নিহত হ'বলগীয়া দুৰ্ভাগ্যজনক ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে ঘটনাত জড়িতসকলক চিনাক্তকৰণ কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে ৷
কোচ ৰাজবংশী সংগ্ৰাম সমিতি সকলো ধৰণৰ হিংসাত্মক কাৰ্যকলাপৰ বিৰোধী বুলি উল্লেখ কৰি এই ঘটনাই যাতে অন্য ৰূপ নলয় তাৰবাবে সকলো পক্ষকে সংযত হ'বলৈকো আহ্বান জনায় ৷
বিবৃতিটোত লগতে বিজেপি নেতৃত্বাধীন চৰকাৰে এই ধৰণৰ ঘটনা প্ৰতিহিত কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক বুলিও নেতাদ্বয়ে উল্লেখ কৰে ৷ ইপিনে যোৱানিশা তিনিচুকীয়া জিলাৰ ধলা থানাৰ অন্তৰ্গত চৈখোৱাৰ খেৰবাৰী বিচনীমুখত পাঁচজনকৈ নিৰীহক নৃশংসভাৱে গুলীয়াই হত্যা কৰা এই ঘটনাক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে হত্যাকাৰীক বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷
- Log in to post comments
- 10 views