মৰিগাঁৱৰ পৰা জিতুমণি নাথ
তিনিচুকীয়া জিলাৰ ধলা থানাৰ অন্তৰ্গত খেৰবাৰীত বৃহস্পতিবাৰে নিশা অচিনাক্ত লোকে ৫জনকৈ লোকক গুলীয়াই হত্যা কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ মাজতেই আজি মৰিগাঁও জিলা প্ৰশাসনে অনুষ্ঠিত কৰে এখন শান্তি সভা ।
জিলাখনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু শান্তি যাতে অটুট থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও নগৰৰ পবিতৰা হাটত অনুষ্ঠিত হয় এই শান্তি সভা ।
জিলা উপায়ুক্ত হেমেন দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মৈৰাবাৰী, লাহৰিঘাট, ভূৰাগাঁও, মায়ং, জাগীৰোড, নেলী, ঝাৰগাঁও, মৰিগাঁও নগৰ, মিকিৰভেটা, জালুগুটিকে আদি কৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰা সভাখনত বক্তাসকলে তিনিচুকীয়াৰ খেৰবাৰীৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰি মৃত লোকসকলৰ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।
মৰিগাঁও পৌৰসভাৰ পৌৰপতি মধুস্মিতা গোহাঁই ডেকা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, অনন্ত গগৈ আদি জিলা প্ৰশাসনৰ লোকে অংশগ্ৰহণ কৰা সভাখনত জিলাখনৰ স্পৰ্শকাতৰ ঠাইসমূহত অঞ্চলটোত থকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে একোখনকৈ শান্তি সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই ।
তদুপৰি, শান্তি বিঘ্নিত হ'ব পৰা কিবা খবৰ পালে ততাতৈয়াকৈ স্থানীয় আৰক্ষী, চক্ৰ বিষয়া বা জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ সকলোলৈকে আহ্বান জনায় উপায়ুক্ত হেমেন দাসে ।
- Log in to post comments
- 2 views