অকৰ্তৃত্বশীল ৱেব মিডিয়াৰ বিৰুদ্ধে কঠোৰ হ'ব মৰিগাঁও উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক

অকৰ্তৃত্বশীল ৱেব মিডিয়াৰ বিৰুদ্ধে কঠোৰ হ'ব মৰিগাঁও উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

ৱেব মিডিয়াৰ নামত সাংবাদিকতাৰ ক্ষেত্রখনক কলুষিত কৰা কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মৰিগাঁও জিলা প্ৰশাসন আৰু সাংবাদিকসকল । এই সন্দৰ্ভত আজি মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত হেমেন দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এখন সভা ।

আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, মৰিগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীকে আদি কৰি মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

বিশেষকৈ অকৰ্তৃত্বশীল ৱেব মিডিয়াৰ নামত নতুনকৈ সৃষ্টি হোৱা একাংশই নিজকে সাংবাদিক বুলি পৰিচয় দি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীক হাৰাশাস্তি কৰা, সমাজত শান্তি বিঘ্নিত কৰিব পৰা ভিডিঅ', মানুহক বিপথে পৰিচালিত কৰিব পৰা ফটো প্ৰকাশ কৰাকে ধৰি ছ'চিয়েল মিডিয়াৰ (ফেচবুক) জৰিয়তে যিবোৰ প্ৰকাশ কৰি আহিছে, এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে উপায়ুক্ত হেমেন দাসে ।

তদুপৰি, আজিৰ সভাই প্ৰতিগৰাকী সাংবাদিকৰ পৰিচয়-পত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জিলাখনৰ সকলো সাংবাদিক সংস্থাকে কৰ্মৰত সাংবাদিকসকলৰ ঠিকনাসহ নামৰ তালিকা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত জমা দিবলৈ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লয় ।

কোনোৱে যদি ফেচবুকৰ জৰিয়তে ৱেব মিডিয়া পৰিচালনা কৰি থাকে তাৰ যাৱতীয় তথ্যসমূহ জিলা প্ৰশাসনক জমা দি প্ৰশাসনৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক বুলি সভাই মতপোষণ কৰে ।

অকৰ্তৃত্বশীল ৱেব মিডিয়াৰ বিৰুদ্ধে কঠোৰ হ'ব মৰিগাঁও উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক

মৰিগাঁও জিলা সাংবাদিক সংস্থা, লাহৰীঘাট সাংবাদিক সংস্থা, মৈৰাবাৰী সাংবাদিক সংস্থা, বাৰপূজীয়া সাংবাদিক সংস্থা আৰু জাগীৰোড সাংবাদিক সংস্থাই আজিৰ সভাত অংশগ্ৰহণ কৰে । উল্লেখ্য যে আজি কিছুদিন ধৰি একাংশ ব্যক্তিয়ে ফেচবুকৰ ৱেব মিডিয়াৰ সাংবাদিক বুলি পৰিচয় দি জিলাখনৰ বিভিন্ন স্থানত বিভিন্ন লোকক হাৰাশাস্তি কৰি মৰিগাঁৱৰ সাংবাদিকতাৰ ক্ষেত্রখনক কলুষিত কৰি আহিছে ।

এই ক্ষেত্ৰত মৰিগাঁও জিলা সাংবাদিক সংস্থাই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক মৌখিক অভিযোগ দিয়াত মৰিগাঁও জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰে । মৰিগাঁও জিলা প্ৰশাসনে গ্রহণ কৰা স্থিতিক মৰিগাঁও জিলাৰ সাংবাদিকসকলে আদৰণি জনাইছে ।

Your Comments