নগাঁৱৰ পৰা ৱাহিদুদ জামান
বৃহস্পতিবাৰে সন্ধ্যা ধলা খেৰবাৰীত আচিনাক্ত দুষ্কৃতিকাৰীয়ে পাঁচজনকৈ নিৰীহ লোকক গুলীয়াই হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । বিভিন্ন দল-সংগঠনে এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ লগত জড়িতসকলক কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনায় ।
এই ঘটনাৰ প্ৰতিবাদত আজি হিন্দু বঙালী নাগৰিক মঞ্চ, নগাঁৱৰ উদ্যোগত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনি ঘণ্টা মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মুখত ক'লা কাপোৰ পিন্ধি প্ৰতিবাদকাৰীসকলে তিনিচুকীয়া ঘটনাৰ লগত জড়িতসকলক কঠোৰ শাস্তি বিহাৰ দাবী জনায় ।
পিছত মঞ্চৰ সভাপতি সৌমেন দত্ত আৰু সম্পাদক ভাস্কৰ দাসে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ দিয়া এক স্মাৰক-পত্ৰত এই ঘটনাৰ লগত জড়িতসকলক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় ।
আনহাতে, অসম গণ পৰিষদৰ ভাষিক সংখ্যালঘূ পৰিষদৰ সভাপতি নন্দ বেনাৰ্জী আৰু সম্পাদক সুজিত দাসে এক বিবৃত্তি যোগে এই ঘটনাৰ গৰিহণা দি কয়- এনে সন্ত্ৰাসমূলক কাৰ্যকলাপে কোনো সমস্যাৰ সমাধান নকৰে ।
তেওঁলোকে হিন্দু বঙালী নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনায় । লগতে চি পি আই(এম)ৰ নগাঁও জিলা সমিতিয়ে হত্যাৰ ৰাজনীতি বন্ধ কৰাৰ দাবীত আজি সন্ধ্যা নগাঁও চহৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে'-কাৰ্ড লৈ বিভিন্ন চৰকাৰবিৰোধী প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোলে ।
অন্যহাতে, ধলা কাণ্ডৰ পিছত যাতে কোনো কাৰণত শান্তি-সম্প্ৰতি বিঘ্নিত নহয়, তাৰবাবে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন শান্তিসভা অনুষ্ঠিত হয় । জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ বিভিন্ন দল-সংগঠন, নাগৰিক, শিক্ষানুষ্ঠানৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধি, অধিবক্তা আদিয়ে অংশগ্ৰহণ কৰে ৷
সভাখনত উপায়ুক্তগৰাকীয়ে শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায় । সভাত অংশগ্ৰহণ কৰি আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে জিলাখনৰ সকলো স্থানতে পহৰাৰ ব্যৱস্থা কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থা কৰা হৈছে বুলি জনায় ।
ছ'চিয়েল মিডিয়াত যাতে কোনো লোকে সাম্প্ৰদায়িক তথা উচটনিমূলক মন্তব্য নকৰে, তাৰবাবেও আহ্বান জনায় । এনে মন্তব্য কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি লগতে সকীয়াই দিয়ে । আনহাতে, জিলা প্ৰশাসনে এই সন্দৰ্ভত ০৩৬৭২-২৪৫৬২০ নম্বৰৰ এক নিয়ন্ত্ৰণ কক্ষ মুকলি কৰে ।
ইপিনে, সদৌ অসম আদিবাসী জাতীয় মহাসংঘৰ সভাপতি বিৰেন মিৰ্ধাই এই ঘটনাৰ গৰিহণা দি দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে । অসম জন মৰ্চাৰ সভাপতি ছাইফুল ইছলাম চৌধুৰী, আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিৰ সমন্বয়ক নুৰুল হাচান, নগাঁও জিলা ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, অসম গণ পৰিষদৰ নগাঁও জিলা সমিতি, নগাঁও জিলা কংগ্ৰেছ, সংখ্যালঘু সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, নগাঁও জিলা আমছু, নগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ, নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী, সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ আদিয়ে এই নৃশংস ঘটনাৰ
তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।
- Log in to post comments
- 21 views