নগাঁৱত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত সাংবাদিকৰ বাৰ্তালাপ

নগাঁৱত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত সাংবাদিকৰ বাৰ্তালাপ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত আজি নগাঁৱৰ হোটেল বিদিশাত জিলাখনৰ সাংবাদিকসকলক লৈ বাৰ্তালাপ শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয় ।

নগাঁও জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে । অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সঞ্চালক প্ৰধান কে এছ ঢাটলীয়াই চৰকাৰৰ আঁচনিসমূহ ৰাইজৰ মাজলৈ নিয়াৰ বাবে আহ্বান জনায় ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই ৰাজ্যখনৰ উন্নয়নৰ বাবে অসম চৰকাৰে লোৱা বিভিন্ন আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে ।

এই অনুষ্ঠানত ইউনিছেফৰ সুদীপ কুমাৰ দাস, কৃষি, স্বাস্থ্য, গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগকে ধৰি কেইবাটাও বিভাগৰ বিষয়াসকলে নিজৰ নিজৰ বিভাগৰ উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপে সৰ্বসাধাৰণ ৰাইজৰ মাজত স্বাস্থ্য সজাগতা সম্পৰ্কত সাংবাদিকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মন্তব্য প্ৰকাশ কৰে ।

এই কৰ্মশালাখনতে নৃত্য-গীত আদিও প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিষয়া গোপাজিৎ দাস, নগাঁও জিলা জনসংযোগ বিষয়া সমৰ কলিতা আদিয়েও অংশগ্ৰহণ কৰে ।

Your Comments