মৰিগাঁৱৰ পৰা জিতুমনি নাথ
মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বালিডোংগাত আজি সন্ধিয়া সংঘটিত হয় এক কৰুণ ঘটনা । একে পৰিয়ালৰ দুই ভগ্নীয়ে বিষপান কৰাৰ ফলত এজনীয়ে কৰুণ মৃত্যুক সাবটি লোৱাৰ বিপৰীতে আনগৰাকীক সংকটজনক অৱস্থাত মৰিগাঁও চিকিৎসালয়ত ভৰ্তি কৰে ।
প্ৰাপ্ত তথ্য অনুসৰি বিষপান কৰাৰ ফলত মমতাজ বেগম (৯) কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ লগতে মিনাৰা বেগম (১৮) নামৰ আনগৰাকী কিশোৰীয়ে মৃত্যুৰ সৈতে যুঁজি আছে ।
কি কাৰণত দুই ভগ্নীয়ে বিষপান কৰিলে তাক জানিব পৰা হোৱা নাই ৷ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি বালিডোংগাৰ নিকটাত্মীয়ৰ ঘৰলৈ দুই ভগ্নী সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল যদিও কিছু সময় পিছত দুয়োকে পথৰ পৰি চটফটাই থকা অৱস্থাত উদ্ধাৰ কৰে পৰিয়াল আৰু স্হানীয় লোকে ।
কীটনাশক দ্ৰব্য সেৱন কৰা বুলি সন্দেহ কৰা দুই ভগ্নীক পৰিয়ালে ততাতৈয়াকৈ ৩০ কিলোমিটাৰ নিলগৰ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ অনাৰ পথত মমতাজ বেগম নামৰ কিশোৰীগৰাকীৰ মৃত্যু হয় ।
ইপিনে আনগৰাকী ভগ্নী মিনাৰা বেগমৰ অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।
- Log in to post comments
- 7 views