৭০ বছৰীয়া সমস্যাৰ সকাহ : মাজুলীৰ লুইত খাবলুত ২খন কাঠৰ দলঙৰ শুভাৰম্ভ

৭০ বছৰীয়া সমস্যাৰ সকাহ : মাজুলীৰ লুইত খাবলুত ২খন কাঠৰ দলঙৰ শুভাৰম্ভ

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

দেশে স্বাধীনতা লাভৰ যোৱা সত্তৰতা বছৰে উন্নয়নৰ মুখ নেদেখা লখিমপুৰ জিলাৰ লুইত খাবলুবাসীৰ দীৰ্ঘদিনীয়া দাবী তথা অপেক্ষাৰ অন্তত লুইত খাবলুবাসীয়ে মাজুলীৰ লগত পোনপটীয়াকৈ যাতায়াত যোগযোগ কৰিব পৰাকৈ আজি লুইত নৈৰ ওপৰত দুখনকৈ কাঠৰ দলঙৰ কাম শুভাৰম্ভ কৰে ।

লুইত খাবলু গাঁও পঞ্চায়তৰ লোকসকলে মাজুলীৰ গড়মূৰৰ লগত পোনপটীয়াকৈ যাতায়াত কৰিব পৰাকৈ দুখন দলং ক্ৰমে লুইত ঘাট আৰু পাঠৰিচুক ঘাটত নিৰ্মাণ হ'বলগা কাঠৰ দলং নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ।

৭০ বছৰীয়া সমস্যাৰ সকাহ : মাজুলীৰ লুইত খাবলুত ২খন কাঠৰ দলঙৰ শুভাৰম্ভ

আঁচনি শুভাৰম্ভ অনুষ্ঠানত লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্ত, ধেমাজিৰ বিধায়ক ৰণোজ পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নীলকান্ত দলে, সাধাৰণ সদস্য মুকুল পেগু আদি উপস্থিত থাকে ।

উল্লেখ্য যে বৰ্তমান একবিংশ শতিকাতো লুইত খাবলুবাসীয়ে বিধ্বস্ত যাতায়াত-যোগাযোগ ব্যৱস্থাৰ বাবে বিভিন্ন সময়ত প্ৰসূতিয়ে পথতে প্ৰসৱজনিত কাৰণত চটফটাই থকা, ৰোগী তথা প্ৰসূতিক ঠেলাৰে নিয়া, সাঙীৰে কান্ধত তুলি চিকিৎসালয়লৈ লৈ যোৱা, উপযুক্ত চিকিৎসাৰ অভাৱত পথতে মৃত্যু হোৱা আদি অনেক ঘটনা নিতৌ সংঘটিত হৈ অহাৰ পিছত শেহতীয়াকৈ ৰাজ্য চৰকাৰে লুইত খাবলুৰ যাতায়াত-যোগাযোগ উন্নত কৰাৰ বাবে কিছু তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

৭০ বছৰীয়া সমস্যাৰ সকাহ : মাজুলীৰ লুইত খাবলুত ২খন কাঠৰ দলঙৰ শুভাৰম্ভ

ইপিনে বিভিন্ন জ্বলন্ত সমস্যাৰ মাজত লুইত খাবলুবাসীয়ে সন্মুখীন হৈ অহাৰ পিছতো এষাৰ মাত দিবলৈ ৰাইজৰ মাজৰ পৰা দূৰত্ব বজাই ৰখা লখিমপুৰৰ বিধায়ক উৎপল দত্তক সন্মুখতে আজি উত্তেজিত ৰাইজে থকা-সৰকা কৰে ।
 

Your Comments