সদৌ বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আজি বঙাইগাঁৱত ছহিদ দিৱস পালন কৰা হয় ৷ এই উপলক্ষে বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত আই টি আই চৌহদ প্ৰাংগণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷
বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক সত্য নাৰায়ণ ৰায়ে আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ প্ৰাক্তন উপ-সভাপতি ছৈয়দ নূৰ মহম্মদে ৷ ইয়াৰ পিছতে ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰে বঙাইগাঁও আই টি আইৰ অধ্যক্ষ ৰাজু গোপালে আৰু ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আই টি আইৰ কৰ্মচাৰী তৰণীসেন শইকীয়াই ৷
অনুষ্ঠানত ছহিদৰ আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনাও জনোৱা হয় ৷ অনুষ্ঠানত জিলা কৰ্মচাৰী পৰিষদৰ সমূহ বিষয়ববীয়াৰ লগতে আই টি আইৰ শিক্ষক আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ৷ ইপিনে ছহিদ দিৱস পালন কৰা সন্দৰ্ভত জিলা কৰ্মচাৰী পৰিষদ সাধাৰণ সম্পাদক সত্য নাৰায়ণ ৰায়ে কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা বিদেশী বহিস্কাৰ আন্দোলনৰ সময়ত ১৯৮০ চনৰ ১ নৱেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সদস্য তথা অসম সচিবালয়ৰ কৰ্মচাৰী দিলীপ চক্ৰৱৰ্তী দিছপুৰ চৌহদত পুলিচৰ গুলীত নিহত হৈছিল ৷
সেয়ে প্ৰথমগৰাকী কৰ্মচাৰীৰ মৃত্যুৰ দিনটোক প্ৰতি বছৰে সদৌ অসম কৰ্মচাৰী পৰিষদে ছহিদ দিৱস হিচাপে পালন কৰি আহিছে বুলি কয় ৷ তেওঁ অসম আন্দোলনৰ সময়ত ৬৮ গৰাকী কৰ্মচাৰী ছহিদ হৈছিল বুলিও কয় ৷
- Log in to post comments
- 52 views