বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ জ্যোতি দাস
আজি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে অসমৰ প্ৰতিখন জিলাতে ৰূপায়িত হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অংশস্বৰূপে বিশ্বনাথ জিলাতো প্ৰতিবাদ সাব্যস্ত কৰা হয় । আজিৰ কাৰ্যসূচীত সংগঠনটোৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে ।
জাতিদ্রোহী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াত অসম চৰকাৰ তথা বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ তথা ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিধায়ক শিলাদিত্য দেৱৰ পুত্তলিকা দাহ কৰা হয় ।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱা, সাংগঠনিক সম্পাদক বিজিত শইকীয়া, বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা ৰঞ্জিত চেত্ৰী, সভাপতি নিত্যানন্দ দাস, উপ-সভাপতি অনিল বৰা, সম্পাদক ভাস্কৰ দাস, সহকাৰী সম্পাদক দিব্যজ্যোতি বৰা, সাংস্কৃতিক সম্পাদক পবিত্ৰ ভূঞা, ক্ৰীড়া সম্পাদক নীলমণি বৰ্মনৰ লগতে বিশ্বনাথ জিলাৰ অন্তৰ্গত সকলো আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদকৰ লগতে শতাধিক সদস্য ৷
- Log in to post comments
- 6 views