মাজুলীত গুণোৎসৱৰ প্ৰথমদিনাৰ বহিঃমূল্যায়নত ৯৯.১৫ শতাংশ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

মাজুলীত গুণোৎসৱৰ প্ৰথমদিনাৰ বহিঃমূল্যায়নত ৯৯.১৫ শতাংশ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মাজুলী জিলাৰ ২০৫খন বিদ্যালয়ত আজি গুণোৎসৱ-২০১৮ৰ বহিঃমূল্যায়ন পৰ্ব সফলতাৰে সম্পূৰ্ণ হয় । জিলাখনত বহিঃমূল্যায়নৰ প্ৰথমদিনা বৃহস্পতিবাৰে এই বিদ্যালয়সমূহৰ মুঠ ৮,৪৮২গৰাকী ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

মাজুলীত গুণোৎসৱৰ প্ৰথমদিনাৰ বহিঃমূল্যায়নত ৯৯.১৫ শতাংশ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ সামগ্ৰিক হাৰ হৈছে ৯৯.১৫ শতাংশ । ৰাজ্যৰ অতিৰিক্ত গৃহ সচিব, মাজুলীৰ উপায়ুক্ত, ভাৰতীয় আৰক্ষী সেৱা আৰু ভাৰতীয় বন সেৱা বিষয়াৰ লগতে মাজুলীৰ আৰক্ষী অধীক্ষকসহ মুঠ ২০৮গৰাকী বহিঃমূল্যায়কে আজি বিদ্যালয়সমূহৰ শৈক্ষিক দিশ আৰু আন্তঃগাঁথনিৰ মূল্যায়ন কৰে ।

মাজুলীত গুণোৎসৱৰ প্ৰথমদিনাৰ বহিঃমূল্যায়নত ৯৯.১৫ শতাংশ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব ডঃ দীপক মজুমদাৰে দেউদিআটী ছিনিয়ৰ বেছিক স্কুল, মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই ২৭নং কমাৰগাঁও প্ৰাথমিক বিদ্যালয়, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা ৰাজ্যৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান ব্যুৰ'ৰ আৰক্ষী অধীক্ষক শ্যামল কুমাৰ শইকীয়াই চামগুৰি সত্ৰ ৰাওনাপাৰ উচ্চ মাধ্যমিক বিদ্যালয়, ভাৰতীয় বন সেৱাৰ বিষয়া তথা উত্তৰ অসমৰ বন সংৰক্ষক আৰ কে দাসে আউনিআটী চামগুৰি প্ৰাথমিক বিদ্যালয় আৰু মাজুলীৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে মাধৱদেৱ মধ্য ইংৰাজী বিদ্যালয়ত বহিঃমূল্যায়ক ৰূপে আজিৰ গুণোৎসৱত ভাগ লৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে ।

মাজুলীত গুণোৎসৱৰ প্ৰথমদিনাৰ বহিঃমূল্যায়নত ৯৯.১৫ শতাংশ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

গুণোৎসৱৰ মাজুলীৰ ন'ডেল বিষয়া অসীম বৰুৱাই জনোৱা মতে, এইবাৰৰ গুণোৎসৱত তিনিওদিনাৰ বহিঃমূল্যায়নত অংশগ্ৰহণৰ বাবে জিলাখনৰ মুঠ ৫৭৮খন বিদ্যালয়ৰ ২,০৯৯৪গৰাকী ছাত্ৰ-ছাত্ৰীৰ নাম আগতীয়াকৈ পঞ্জীয়ন কৰা হৈছে ।

Your Comments