গ্ৰন্থৰ সুবাসেৰে উখল-মাখল কলংপাৰৰ নেহৰুবালি বাকৰি

গ্ৰন্থৰ সুবাসেৰে উখল-মাখল কলংপাৰৰ নেহৰুবালি বাকৰি

নগাঁৱৰ পৰা ৱাহিদুদ জামান

গ্ৰন্হৰ সুৱাসেৰে এক আমোলমোল পৰিৱেশৰ সৃষ্টি হৈছে নগাঁও চহৰৰ কলংপাৰৰ নেহৰুবালি বাকৰি । কালিৰে পৰা নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত আৰম্ভ হোৱা ষষ্ঠ সংখ্যক উত্তৰ পূব শিশু গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত ৰেণেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহৰ সম্পৰ্কে এক আলোচনা-চক্ৰ অনুষ্ঠিত হয় ।

গ্ৰন্থৰ সুবাসেৰে উখল-মাখল কলংপাৰৰ নেহৰুবালি বাকৰি

এই আলোচনা-চক্ৰৰ মূল বক্তা আছিল বিশিষ্ট সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ভানু হাজৰিকা । নিত্যানন্দ মেধি আৰু উন্নতি ডেকাই আঁতধৰা অনুষ্ঠানটিত অভিনন্দা মান্না, মৈত্ৰেয়ী ভৰদ্বাজ, উন্নতি ডেকা, মুচকান আহমেদ, অভিলাষা বৈশিষ্ঠ, মাৰ্ধুৰ্য বৰা, প্ৰান্তিকা বৰা, মুচকান কুমাৰী সিং, শ্যামলিমা বৰা, উৎপল বণিয়া, প্ৰিয়া সাহা, প্ৰিয়ংকা বৰুৱা, ঋষভ বৰা আৰু টিণা বৰাই ডঃ হাজৰিকাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰে ।

বিয়লি ১ বজাত কলংপৰীয়া সাহিত্য আলোচনা-চক্ৰৰ উদ্যোগত "কলংপৰীয়া কবিৰ কাব্যমেল" শীৰ্ষক কবি সন্মিলন অনুষ্ঠিত হয় । সাহিত্যিক নৱকান্ত লিগিৰাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত কুৰিজন কবিয়ে কবিতা পাঠেৰে উমাল কৰি তোলে কলংপাৰৰ নেহৰুবালি বাকৰি ।

বিয়লি ৫ বজাৰ পৰা আৰম্ভ হয় মুকলি কুইজ প্ৰতিযোগিতা । অনুষ্ঠানটি পৰিচালনা কৰে নগাঁও কুইজ ফ'ৰামৰ অমিয় বৰাই । সন্ধিয়া নগাঁও অনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানৰ । 

গ্ৰন্থৰ সুবাসেৰে উখল-মাখল কলংপাৰৰ নেহৰুবালি বাকৰি

 উত্তৰ-পূব শিশু গ্ৰন্থমেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কালিৰে পৰা কলংপাৰৰ নেহৰুবালি বাকৰিত আৰম্ভ হোৱা উত্তৰ পূব শিশু গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনটোত গ্ৰন্থ বিপণীত যথেষ্টসংখ্যক ছাত্র-ছাত্ৰীৰ লগতে গ্ৰন্থপ্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হয় । 


গ্ৰন্থমেলাৰ কাইলৈৰ কাৰ্যসূচী মতে, পুৱা ১০ বজাত লেখিকা সংস্হা, নগাঁও জিলা সমিতিৰ উদ্যোগত আলোচনা-চক্ৰ, বিয়লি ১ বজাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, নগাঁও জিলা শাখাৰ উদ্যোগত "কাব্যিক চেতনাত জীৱনৰ ছন্দ"শীৰ্ষক সাহিত্যানুষ্ঠান । এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে অংশগ্ৰহণ কৰিব ।

গ্ৰন্থৰ সুবাসেৰে উখল-মাখল কলংপাৰৰ নেহৰুবালি বাকৰি

বিয়লি ৪ বজাত অকণিৰ কবিতা ঘৰ, ৰহাৰ উদ্যোগত অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান । বিয়লি ৫.৩০ বজাত মুকলি কুইজ, সন্ধিয়া ৬ বজাত পুৰণিগুদামৰ বিদ্যানিকেতনৰ উদ্যোগত অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান ।

Your Comments