মৰিগাঁৱৰ পৰা জিতুমনি নাথ
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰিগাঁৱৰ নেলীত আজি সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ২জন লোকৰ মৃত্যু হয় । মৃত্যু হোৱা লোক দুজন নেলীৰ গনেশভেলীৰ সুজিত চন্দৰ (৪০) আৰু গুৱাহাটী ভৰলুমুখৰ কুমাৰপাৰাৰ বীৰেন্দ্ৰ শৰ্মা (৪৫) বুলি জানিব পৰা গৈছে ।
স্থানীয় সূত্ৰে প্ৰকাশ কৰা মতে, গুৱাহাটীৰ পৰা নগাঁও অভিমুখে গৈ থকা এ এছ-০১ ডি এছ-৫২৯০ নম্বৰৰ এখন তীব্ৰবেগী মাৰুতি ছুইফ্ট বাহনে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নেলীৰ পেট্ৰ'ল পাম্পৰ ওচৰত এজন চাইকেল আৰোহীক খুন্দিয়াই দলঙৰ তলৰ পানীত বাগৰি পৰে ।
ফলত চাইকেল আৰোহী সুজিত চন্দৰ আৰু গাড়ীখনত থকা বীৰেন্দ্ৰ শৰ্মা নামৰ লোক দুজন থিতাতে নিহত হয় । তদুপৰি, চাৰিচকীয়া বাহনখনত থকা অন্য এজন ব্যক্তিয়ে পলায়ন কৰে বুলি জানিবলৈ দিছে ।
ঘটনাস্থলীত নেলী আৰক্ষী উপস্থিত হৈ লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে । ইফালে দুৰ্ঘটনাৰ খবৰ পাই নেলী চিকিৎসালয়ত উপস্থিত হয় কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাই আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক পীযূষ হাজৰিকা ।
নিহত লোক দুজনৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী দুগৰাকীয়ে ।
- Log in to post comments
- 11 views