বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
বিশ্বনাথ চাৰিআলি নগৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈৰ অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিসুঁতিত বৰ্তমান উখল-মাখল পৰিবেশ । পাভৈ আছুৰ উদ্যোগত আৰু তিনিসুঁতি নপমুৱা শাখা ছাত্ৰ সন্থাৰ লগতে অসম-অৰুণাচল সীমান্তৱৰ্তী বিভিন্ন জাতি-জনগোষ্ঠী আৰু কেইবাটাও জাতীয় দল-সংগঠনৰ সহযোগত ডঃ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজন কৰা সমন্বয়ৰ দিনক লৈয়েই এই ব্যস্ততা আৰম্ভ হৈছে সীমান্তৱৰ্তী অঞ্চলটোত ।
অহা ৫ আৰু ৬ নৱেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ । ৬ নৱেম্বৰৰ দিনা পুৱা ১০ বজাত সমন্বয় গঢ়াৰ প্ৰয়াসৰে কাৰ্বি, বড়ো, আদিবাসী, নেপালী, উড়িয়া, মুণ্ডা, চাওতালী, গাৰো আৰু প্ৰজা ভাষাত দহ হাজাৰ লোকে সমবেত হৈ সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিবেশন কৰিব ।
তিনিসুঁতি সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এই বিশাল কাৰ্যসূচীৰ বাবে তিনিসুঁতি আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত শিল্পী, কলা-কুশলীসকলে পূৰ্ণগতিত আখৰা আৰম্ভ কৰিছে । এই অনুষ্ঠানৰ বাবে উদ্যোক্তাসকলে চাওতালি জনগোষ্ঠীয় পৰম্পৰাৰ বাসগৃহ, কাৰ্বিসকলৰ চাংঘৰ আৰু টঙীঘৰ, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাবলৈ বন্তি প্ৰজ্বলনস্থলী আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে ।
আনহাতে, ৬ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই ৮৫৫ গছি বন্তি প্ৰজ্বলন কৰি ৮৫৫জন ছহিদক শ্ৰদ্ধা নিবেদন কৰিব । সমন্বয়ৰ দিন উদ্যাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ,
নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পবন বেদীয়া, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জোচেফ মিঞ্জ, সদৌ অসম চাওতালি ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্ক, সদৌ অসম চাওতালি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মিন্টু হেমৰম, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ ছেত্ৰী,
সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত ইংতি উপস্থিত থাকিব । আনহাতে, সন্মানীয় অতিথি হিচাপে বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজজ্যোতি কলিতা, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰী, বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া বিশ্বজিত শইকীয়াৰ লগতে সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃবৃন্দ, কেইবাজনো সমাজকৰ্মী, বিভিন্ন ছাত্ৰ সংগঠনৰ জিলা পৰ্যায়ৰ নেতৃবৃন্দ উপস্থিত থাকিব ।
- Log in to post comments
- 10 views