স্বাধীনতাৰ ৭০ বছৰ পিছত প্ৰথমটো এ টি এম জেংৰাইত

স্বাধীনতাৰ ৭০ বছৰ পিছত প্ৰথমটো এ টি এম জেংৰাইত

মাজুলীৰ পৰা ৰাজীৱ পাটিৰ

দেশে স্বাধীনতা লাভৰ ৭০ বছৰৰ পিছত উজনি মাজুলীৰ জেংৰাইমুখৰ জেংৰাই ইউকো বেংকত আজি প্ৰথমটো এ টি এম মুকলি কৰা হয় । এ টি এম মুকলি অনুষ্ঠানত সকলো মাংগলিক কাৰ্য সম্পাদন কৰাৰ পিছত আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰে ইউকো বেংকৰ মাণ্ডলিক প্ৰবন্ধক (যোৰহাট) আশিস কুমাৰ সৰকাৰে ।

স্বাধীনতাৰ ৭০ বছৰ পিছত প্ৰথমটো এ টি এম জেংৰাইত

মাণ্ডলিক প্ৰবন্ধকগৰাকীয়ে এ টি এম মেচিনটো পৰীক্ষা কৰে । ডঃ বিশ্বেশ্বৰ পেগুৱে প্ৰথম গ্ৰাহক হিচাপে ৫০০ টকা উলিয়ায় । ইয়াৰ পিছত বেংকৰ চৌহদতে ৰেঙাম হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক সত্য দলেৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে জেংৰাই ইউকো বেংকৰ শাখা প্ৰবন্ধক কেশৰাম হাজৰিকাই ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে ইউকো বেংকৰ মাণ্ডলিক প্ৰবন্ধক বিষয়া আশিস কুমাৰ সৰকাৰে কয়- দীৰ্ঘদিন ধৰি উজনি মাজুলীৰ ৰাইজে এ টি এম বিচাৰি দাবী উথাপন কৰি আহিছে । তাৰেই পৰিপ্ৰেক্ষিতত জেংৰাই ইউকো বেংকত এ টি এম মেচিন সংস্হাপন কৰিলে মাণ্ডলিক কাৰ্যালয়ে ৷

স্বাধীনতাৰ ৭০ বছৰ পিছত প্ৰথমটো এ টি এম জেংৰাইত

লগতে এই শাখাত স্হাপন কৰা এ টি এম মেচিনটো সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সকলো ৰাইজৰ পৰা সহযোগিতা বিচাৰে মাণ্ডলিক প্ৰবন্ধকগৰাকীয়ে । জেংৰাইমুখ টাউন উন্নয়ন সমিতিৰ সম্পাদক উদ্ধৱ দলেই আঁতধৰা অনুষ্ঠানত ইউকো বেংক মাণ্ডলিক কাৰ্যালয়ৰ জেষ্ঠ প্ৰবন্ধক শৈলেন্দ্ৰ কুমাৰ বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক পদ্মধৰ পেগু, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত স্বাস্থ্য সঞ্চালক ডাঃ বিশ্বেশ্বৰ পেগু,

স্বাধীনতাৰ ৭০ বছৰ পিছত প্ৰথমটো এ টি এম জেংৰাইত

জেংৰাইমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ পেগু, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাত বৰা, অধ্যাপক প্ৰফুল্ল নাথ, ডঃ ইন্দ্ৰনীল পেগু, স্বৰ্ণশিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেশ্বৰ দলে আদিকে ধৰি বিভিন্ন বিশিষ্ট নাগৰিক উপস্থিত থাকি জেংৰাই ইউকো বেংক শাখাত ৰাইজে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত বক্তব্য দিয়ে ।

জেংৰাইমুখ টাউন উন্নয়ন সমিতিৰ তৰপৰ পৰা মাণ্ডলিক প্ৰবন্ধজনক বিভিন্ন দাবীসম্বলিত স্মাৰক-পত্ৰও প্ৰদান কৰা হয় ।

Your Comments