মাতৃৰ মৃত্যুৰ বেদনা বুকুত লৈ গুণোৎসৱৰ মূল্যায়ন পৰীক্ষাত বহিল কণমানি ছাত্ৰ

মাতৃৰ মৃত্যুৰ বেদনা বুকুত লৈ গুণোৎসৱৰ মূল্যায়ন পৰীক্ষাত বহিল কণমানি ছাত্ৰ

দ্বিতীয় বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ চলি থকাৰ সময়তে হেলেম ৰাজহ চক্ৰৰ জালুকবাৰী পঞ্চায়তৰ অৰ্ন্তগত ব্ৰহ্মাজান দানীগাঁও প্ৰাথমিক বিদ্যালয়ত আজি দেখা গ'ল এজন ছাত্ৰৰ কৰুণ দৃশ্য ।

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথম দিনা কাৰ্যসূচী হিচাপে ব্ৰহ্মাজান দানীগাঁও প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্য/সদস্যা মাতৃগোটৰ সদস্যা আৰু ৰাইজৰ সহযোগত সুন্দৰভাৱে সম্পন্ন হয় ছাত্ৰ-ছাত্ৰীসকলৰ স্বমূল্যায়ন পৰীক্ষা ।

উল্লেখযোগ্য কথাটো হ'ল যে উক্ত প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ কণমানি ছাত্ৰ ধনঞ্জয় দাসৰ পুত্ৰ দ্বীপ দাসে নিজৰ মাতৃৰ বিয়োগ হোৱা সত্ত্বেও সৰ্ম্পূণ উকা সাজ পৰিধান কৰি বহিল বিদ্যালয়ৰ স্বমূল্যায়ন পৰীক্ষাত ।

নিজ মাতৃৰ আকস্মিক মৃত্যুত ভাগি পৰা কণমানি দ্বীপে কিন্তু নিজৰ দায়িত্ব আৰু কৰ্তব্যক অগ্ৰাধিকাৰ দি বহিল পৰীক্ষাত । নিজ ককাকৰ সৈতে ধূতি-চেলেং ব্যৱহাৰ কৰি পৰীক্ষা গৃহত বহি নিজৰ কৰ্মৰ প্ৰতি থকা স্পৃহা জাগ্ৰত কৰিলে কণমানি দ্বীপে ।

নিচেই কম বয়সতে নিজমাতৃক হেৰুৱাবলগা হোৱা খবৰটোৱে এতিয়া দানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ সমূহ পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে দুখ প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰে ।

লগতে সৰ্ম্পূণ নীতি-নিয়মৰ মাজেৰে ব্ৰত পালন কৰি থকা কণমানি দ্বীপে পৰীক্ষা দিবলৈ অহা কাৰ্যক সকলোৱে একেমুখে প্ৰশংসা কৰিছে ৷ লগতে কম বয়সতে মাতৃহাৰা হোৱা কণমানিটিৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে সমগ্ৰ গহপুৰবাসীয়ে ।

Your Comments