ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
হোজাই দিলাৰ ডবকাৰ ঐতিহ্যমণ্ডিত হাজী আনফৰ আলী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে "ৰাষ্ট্ৰীয় সংকল্প দিৱস" উদ্যাপন কৰা হয় ৷
এই দিৱসৰ লগত সংগতি ৰাখি এখন সভাৰো আয়োজন কৰা হয় ৷ সভাখনত সভাপতিত্ব কৰে কলেজখনৰ অধ্যক্ষ ডঃ মামুন আজম বৰভূঞাই ৷ সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ মছদ্দৰ আলী লস্কৰে ৰাষ্ট্ৰীয় সংকল্প দিৱসৰ বিষয়ে বক্তব্য দাঙি ধৰে ৷
একেখন সভাত ক্ৰমে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ মোজাহাৰুল ইছলাম, ছিব্বিৰ আহমেদ ওচমানি, ডঃ হাছিনুচ চুলতান, আব্দুল হামিদ তালুকদাৰ, ডঃ আদিদুৰ ৰহমান, নজৰুল হুছেইনে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিনটোৰ তাৎপৰ্য দাঙি ধৰে ৷
অনুষ্ঠানৰ লগত সংগতি ৰাখি কলেজখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ প্ৰতিযোগীসকলৰ মাজৰ পৰা তিনিজন শ্ৰেষ্ঠ বক্তা নিৰ্বাচন কৰা হয় আৰু তেওঁলোকক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় ৷
- Log in to post comments
- 64 views