নগাঁৱত আৰম্ভ উত্তৰ-পূব শিশু গ্ৰন্থমেলা

 নগাঁৱত আৰম্ভ উত্তৰ-পূব শিশু গ্ৰন্থমেলা

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নগাঁৱত গ্ৰন্থমেলাৰ এক ইতিহাস আছে । নগাঁৱতেই ৰাজ্যখনৰ ভিতৰত প্ৰথম গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল । সেই ধাৰা আজিও অক্ষুণ্ণ আছে । এই মন্তব্য উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ কাৰ্যকৰী সভাপতি তথা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ ।

 নগাঁৱত আৰম্ভ উত্তৰ-পূব শিশু গ্ৰন্থমেলা

বুধবাৰৰ পৰা ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিত আৰম্ভ হোৱা ষষ্ঠ উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ প্ৰথমদিনা পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই । ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই কয় যে নগাঁৱত গ্ৰন্থ অধ্যয়নৰ এক সুস্থ পৰিবেশ আছে ।

যাৰবাবে নগাঁৱৰ গ্ৰন্থমেলাত কবি, সাহিত্যিক, লেখক আৰু পঢ়ুৱৈৰ সমাগম বৃদ্ধি হয় । গ্ৰন্থই মানুহক জ্ঞানৰ সুবাস দিয়ে বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে নৱপ্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায় ।

ইয়াৰ পিছতে ছহিদ তৰ্পণ অনুষ্ঠান মুকলি কৰে গ্ৰন্থমেলাৰ উপ-সভাপতি কনক হাজৰিকাই । অনুষ্ঠানত গ্ৰন্থমেলাৰ উপদেষ্টা নৱ কুমাৰ মহন্তকে ধৰি ভালেসংখ্যক গ্ৰন্থপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ আঁতধৰে গ্ৰন্থমেলাৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই ।

ইয়াৰ আগতে পুৱা গ্ৰন্থমেলা উদ্‌যাপন সমিতিৰ সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই গ্ৰন্থমেলাৰ নেহৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত উপস্থিত হৈ গ্ৰন্থমেলাৰ অগ্ৰগতিৰ বুজ লয় ।

বিয়লি গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰি দিয়া ভাষণত নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়- নগাঁও এখন ঐতিহ্যপূৰ্ণ আৰু সংস্কৃতিৱান চহৰ । এই চহৰেৰে কলঙৰ বাকৰি নেহৰুবালিত আৰম্ভ হোৱা উত্তৰ-পূব শিশু গ্ৰন্থমেলাই সকলোকে গ্ৰন্থৰ সুবাস বিলাব । এই গ্ৰন্থমেলাৰ জৰিয়তে শিশুসকলে তেওঁলোকৰ বৌদ্ধিক, মানসিক আদি সকলো দিশৰ উৎকৰ্ষ সাধনৰ সুযোগ লাভ কৰিব ।

তেওঁ সকলোকে এই গ্ৰন্থমেলা সফল কৰি তুলিবলৈ আহ্বান জনায় । বিয়লি ৫ বজাত গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিবলৈ অহা গ্ৰন্থ বিপণীৰ লগত জড়িত গ্ৰন্থ বান্ধৱসকলক সম্বৰ্ধনা জনোৱা হয় । সন্ধ্যা গান্ধাৰ সংগীত বিদ্যালয়ৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । শিল্পীসকলৰ গীত-নৃত্যৰে মুখৰিত হৈ পৰে নেহৰুবালি ।

উল্লেখ্য যে এইবাৰ গ্ৰন্থমেলাত ৰাজ্যখনৰ লগতে বহিঃৰাজ্যৰ গ্ৰন্থ বিপণী আৰু প্ৰকাশন পৰিষদে অংশগ্ৰহণ কৰিছে । ১ তাৰিখে পুৱা ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত আলোচনা-চক্ৰ অনুষ্ঠিত হ'ব ।

বিয়লি এক বজাৰ পৰা কলংপৰীয়া সাহিত্য আলোচনা-চক্ৰৰ উদ্যোগত কলংপৰীয়া কবিৰ কাব্যমেল শীৰ্ষক কবি সন্মিলন অনুষ্ঠিত হ'ব । বিয়লি ৪.৩০ বজাত মুকলি কুইজ আৰু সন্ধ্যা কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।

Your Comments