মিছেছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা মমতা সন্দিকৈক গৃহভূমি গহপুৰত উষ্ম আদৰণি

 মিছেছ ইণ্ডিয়া খিতাপ অৰ্জন কৰা মমতা সন্দিকৈক গৃহভূমি গহপুৰত উষ্ম আদৰণি

২০১৮ বৰ্ষৰ মিছেছ ইণ্ডিয়া (ক্লাছিক) খিতাপ অৰ্জন কৰা গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত গৰৈমাৰী গাঁৱৰ বোৱাৰী মমতা সন্দিকৈক বুধবাৰে গৃহভূমি গহপুৰত উষ্ম আদৰণি জনোৱা হয় ।

প্ৰবল আত্মবিশ্বাসী, মানৱ দৰদী তথা লখিমপুৰ জিলাৰ হাৰমতিৰ সন্দিপনী একাডেমীৰ ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত মমতা সন্দিকৈ দ'লহাট চাহ বাগিচাৰ (লখিমপুৰ) ফেক্টৰী পৰিচালক নয়নজ্যোতি সন্দিকৈৰ পত্নী ।

গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত যোৱা ২৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈকে অনুষ্ঠিত মিছেছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ১২০গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা এই সন্মান আঁজুৰি আনিবলৈ সক্ষম হয় মমতা সন্দিকৈয়ে ।

এগৰাকী কন্যা সন্তানৰ মাতৃ মমতা সন্দিকৈয়ে নিয়াৰিকৈ ঘৰুৱা কাম-কাজ পৰিচালনা কৰাৰ উপৰি তেখেতৰ নিজৰ সাধনা সফলতাৰে অব্যাহত ৰাখিছে । উল্লেখ্য যে নিজস্ব সাধনাৰে মমতা সন্দিকৈয়ে মিছেছ ইণ্ডিয়া (ক্লাছিক)ৰ দৰে গুৰুত্বপূৰ্ণ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱাত আনন্দত উৎফুল্লিত হৈ পৰিছে গহপুৰবাসী ।

কালি গৃহভূমি গৰৈমাৰীৰ বাসগৃহত উপস্থিত হোৱাৰ প্ৰাক্‌ক্ষণত গহপুৰৰ জীয়ৰী মমতা সন্দিকৈক গহপুৰবাসী ৰাইজে গহপুৰ মহকুমাৰ পশ্চিম সীমা বুৰৈ ঘাটৰ পৰা আদৰি আনি সন্মান যাচে ।

স্মৰ্তব্য যে মমতা সন্দিকৈয়ে চলিত বৰ্ষৰ জুলাই মাহত অনুষ্ঠিত নৰ্থ আছাম এনজেলিক প্ৰতিযোগিতাত ৰাণাৰ্ছ-আপৰ সন্মান লাভ কৰিছিল । উলেখ্য যে গৃহভূমিত উপস্থিত হৈয়ে মমতা সন্দিকৈয়ে বৰঙাবাৰীস্থিত ছহিদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিৰ চৰণত সেৱা জনাই উপস্থিত স্থানীয় ৰাইজৰ আশীৰ্বাদ শিৰত লয় ।

মমতা সন্দিকৈয়ে ২০১৯ বৰ্ষৰ ১৯ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ বুলগেৰিয়াত অনুষ্ঠিত হ'বলগীয়া মিছেছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰাৰ খবৰেও গহপুৰ মহকুমাবাসীক আনন্দিত কৰি তুলিছে ।

মমতা সন্দিকৈৰ এই সফলতাত গহপুৰৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যৎ পদক্ষেপৰ পূৰ্ণ সফলতা কামনা কৰিছে ।

Your Comments