মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
দেশৰ প্ৰথমগৰাকী উপ-প্ৰধান মন্ত্ৰী, 'লৌহ মানৱ' চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৩সংখ্যক জন্মদিনৰ দিনা মহান ৰাষ্ট্ৰনেতাগৰাকীৰ প্ৰতি মাজুলী জিলা প্ৰশাসনেও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
এই উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱস কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা ১১ বজাত মাজুলীৰ উপায়ুক্ত কাৰ্যালয় চৌহদত থকা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত সমবেত হৈ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীবৰ্গৰ লগতে বিভিন্ন বিভাগৰ মূৰব্বীসকলে ৰাষ্ট্ৰৰ একতা, সংহতি আৰু অখণ্ডতা ৰক্ষাৰ সমূহীয়া সংকল্প গ্ৰহণ কৰে ।
বিষয়া-কৰ্মচাৰীসকলক এই সংকল্প গ্ৰহণ কৰায় উপায়ুক্ত শ্ৰীদেৱ প্ৰসাদ মিশ্ৰই ।
- Log in to post comments
- 11 views