কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
কলিয়াবৰৰ ৩নং বিহডুবিত উদ্ধাৰ হৈছে একেলগে ৪টাকৈ ম'হৰ মৃতদেহ । এটা নৱজাতক, এটা পোৱালি আৰু দুজনী গাভিনী ম'হৰ মৃতদেহ । মৃত্যুৰ যন্ত্ৰণাত চটফটাই থকা অৱস্থাতে ভূমিষ্ঠ হোৱা পোৱালিটো কুকুৰ-শিয়ালে অৰ্ধভক্ষণ কৰা অৱস্থাত উদ্ধাৰ হৈছে ।
প্ৰায় ৩ দিনমানৰ আগতেই বিষক্ৰিয়া হৈ মৃত্যু হোৱা ম'হকেইটাক শিলঘাট বন বিভাগে নিয়মীয়া টহলৰ সময়ত প্রত্যক্ষ কৰে । খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলতে ম'হকেইটা মৃত্যু হোৱা বুলি ধাৰণা কৰিছে বন বিভাগে ।
অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হ'ব । ইপিনে মৃত ম'হকেইটা বনৰীয়া নে খুঁটিৰ এই পর্যন্ত নিশ্চিত কৰিব পৰা নাই বন বিভাগে ।
- Log in to post comments
- 21 views