১ নৱেম্বৰৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ : প্ৰস্তুতি তুংগত

১ নৱেম্বৰৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ : প্ৰস্তুতি তুংগত

ছয়দুৱাৰ মহাবিদ্যালয়ৰ চৌহদৰ পৰা পৰাশ শইকীয়া

গহপুৰ মহকুমাৰ একমাত্ৰ পূৰ্ণাংগ উচ্চ শিক্ষানুষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহলৈ মাজত মাথোঁ এটা দিন । অহা ১ নৱেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গহপুৰীয়া ৰাইজৰ অতি আপোন তথা আদৰৰ শিক্ষানুষ্ঠানখনৰ সোণালী জয়ন্তী সমাৰোহ ।

ইয়াকে লৈ এতিয়া গহপুৰ নগৰৰ মাজমজিয়াত অৱস্হিত মহাবিদ্যালয়খনৰ চৌহদত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিবেশ । উল্লেখ্য যে বছৰজোৰা কাৰ্যক্ৰমেৰে সোণালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচী ৰূপায়ণ কৰি মহাবিদ্যালয়খনত ইতিমধ্যে ৰূপায়ণ কৰা হৈছে অন্তঃগাঁথনিৰ একাধিক উন্নয়নমূলক কাম-কাজ তথা নিৰ্মাণকাৰ্য ।

১ নৱেম্বৰৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ : প্ৰস্তুতি তুংগত

এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা সোণালী জয়ন্তী সমাৰোহ উদ্‌যাপন সমিতিৰ প্ৰধান সম্পাদক ডঃ অঞ্জন কুমাৰ ওজাই জনোৱা মতে, সোণালী জয়ন্তী উপলক্ষে মহাবিদ্যালয়খনৰ অন্তঃগাঁথনিৰ ব্যাপক উন্নয়ন সাধন কৰা হৈছে ।

শুভাকাংক্ষী ৰাইজ, বিভাগীয় চৰকাৰী কৰ্তৃপক্ষ তথা মহাবিদ্যালয়খনৰ পৰিয়ালবৰ্গৰ সহযোগত এটা বাতানুকূল ডিজিটেল আৰু ভাৰ্চুৱেল শ্ৰেণীকক্ষ, ছাত্ৰ জিৰণি কোঠা আৰু ছাত্ৰ একতা সভাৰ কাৰ্যালয়ৰ বাবে এটা আটকধুনীয়া গৃহ, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞান বিভাগৰ দুটা উন্নত প্ৰযুক্তিৰ পৰীক্ষাগাৰ, মহাবিদ্যালয়খনৰ চৌহদৰ সোঁমাজত থকা পুখুৰীৰ সৌন্দৰ্যবৰ্ধন, এটা পদুম আৰু ভেট পুখুৰী (য'ত কাছ সংৰক্ষণ কৰা হ'ব) আৰু কেণ্টিনসহ এটা অতিথিশালাৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা হৈছে ।

১ নৱেম্বৰৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ : প্ৰস্তুতি তুংগত

তদুপৰি, একাধিক আঁচনি তথা কামৰ নিৰ্মাণকাৰ্য সমাপ্তি হোৱাৰ পথত । অন্যহাতেদি অতিথিবৃন্দক আদৰিবৰ বাবে বৰ্ণিল কাৰ্যক্ৰমৰ প্ৰস্তুতি দিনে-নিশাই অব্যাহত ৰাখিছে মূল উদ্‌যাপন সমিতি আৰু উপ-সমিতি সমূহৰ লগতে মহাবিদ্যালয়খনৰ পৰিয়ালবৰ্গই ।

নিৰ্মাণ কৰা হৈছে আটকধুনীয়া মূল আদৰণী তোৰণ, দৃষ্টিনন্দন মূল মণ্ডপ আদিৰ লগতে মাটিৰে নিৰ্মাণ কৰা হৈছে দুটা বৃহদাকাৰ ডাইনছ'ৰৰ প্ৰতিকৃতি । প্ৰস্তুতি চলিছে জাতি-জনগোষ্ঠীৰ বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনেৰে সমবেত অতিথিবৃন্দক আপ্লুত কৰাৰ ।

১ নৱেম্বৰৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ : প্ৰস্তুতি তুংগত

এই সকলো কাৰ্যক্ৰমণিকাৰ সন্মিলিত কৰ্মতৎপৰতাই বৰ্তমান মহাবিদ্যালয়খনত সৃষ্টি কৰিছে এক উখল-মাখল পৰিবেশ । শিক্ষাৰ আলোকেৰে ইতিহাস প্ৰসিদ্ধ বৃহত্তৰ ছয়দুৱাৰ এলেকা তথা বৰ্তমানৰ গহপুৰ মহকুমাৰ চুক-কোণ আলোকিত কৰি অহা মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহৰ ঘোষিত কাৰ্যসূচী অনুসৰি অহা ১ নৱেম্বৰৰ পুৱা ৮ বজাত পতাকা উত্তোলন, ৯ বজাত স্মৃতি তৰ্পণ, ৯.৩০ বজাত বৃক্ষ ৰোপণ, ১০ বজাত নৱনিৰ্মিত ছাত্ৰ জিৰণি কোঠা আৰু ছাত্ৰ একতা সভাৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰিব গহপুৰৰ বিধায়ক উৎপল বৰাই ।

পুৱা ১০.৩০ বজাৰ পৰা নৱনিৰ্মিত কেণ্টিনৰ দ্বাৰ আৰু সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰিব ক্ৰমে অসম চৰকাৰৰ সচিব ললিত গগৈ আৰু আকাশবাণী গুৱাহাটীৰ প্ৰাক্তণ সঞ্চালক ডঃ সূৰ্য দাসে ।

১ নৱেম্বৰৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ : প্ৰস্তুতি তুংগত

পুৱা ১১.৩০ বজাৰ পৰা গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰিব ক্ৰমে অসম আৰক্ষীৰ প্ৰাক্তন মহাপৰিদৰ্শক সত্যেন গগৈ আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ।

বিয়লি ডেৰ বজাত ৰাজ্যসভাৰ সংসদ ৰিপুণ বৰাই সম্বৰ্ধনা সভা উদ্বোধন কৰাৰ পিছত সন্ধিয়া ৬ বজাৰ পৰা মহাবিদ্যালয়খনৰ পৰিয়ালবৰ্গই ৰূপায়ণ কৰিবলগীয়া সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিব চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ।

২ নৱেম্বৰৰ পুৱা ৯.৩০ বজাত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে স্মৃতিগ্ৰন্হ উন্মোচন কৰাৰ পাছত পুৱা ১১ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আৰু সন্ধ্যা ৬ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিব ক্ৰমে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কনক শৰ্মা আৰু বিটিএডিৰ যুটীয়া সচিব দিনেশ চন্দ্ৰ বড়োৱে ।

৩ নৱেম্বৰৰ পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা, বিয়লি ১ বজাত অসম-অৰুণাচলৰ সাংস্কৃতিক বিনিময়মূলক অনুষ্ঠান আৰু সন্ধ্যা ৬ বজাত আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিব ক্ৰমে তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, অৰুণাচল প্ৰদেশৰ বিশিষ্ট শিল্পী বেংগীয়া হেমন্ত আৰু বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ববী শৰ্মা বৰুৱাই ।

১ নৱেম্বৰৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ : প্ৰস্তুতি তুংগত

অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি ৪ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ তথা সোণালী জয়ন্তী সমাৰোহ উদ্‌যাপন সমিতিৰ সভাপতি গজেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাখন উদ্বোধন কৰিব বিধায়ক উৎপল বৰাই আৰু মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মূল সভাখনত ডঃ হিমন্ত বিশ্ব শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্যসহ একাধিক মন্ত্ৰী, সাংসদৰ লগতে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যদ্বয় ক্ৰমে ডঃ মৃদুল হাজৰিকা আৰু ডঃ ৰঞ্জিত তামুলীৰ উপৰি একাধিক গণ্য-মান্য ব্যক্তিয়ে বিশিষ্ট তথা সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।

১ নৱেম্বৰৰ পৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ : প্ৰস্তুতি তুংগত

সন্ধ্যা ৫ বজাত বন্তি প্ৰজ্বলনেৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচীৰ সামৰণি পৰিব । মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহৰ উক্ত সকলো কাৰ্যসূচীতে সমূহ ৰাইজৰ সহযোগিতা আৰু উপস্থিতি উদ্‌যাপন সমিতিৰ লগতে মহাবিদ্যালয়খনৰ পৰিয়ালবৰ্গই আন্তৰিকতাৰে কামনা কৰিছে ।

Your Comments