ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী হোজাই জিলাৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ কে'বাখনো গাঁও মাৰাত্মক ফ্ল'ৰ'ছিচ ৰোগত শিশুৰ পৰা বৃদ্ধলৈকে কে'বা শ লোক আক্ৰান্ত হয় ৷
ভূ-গৰ্ভৰ বিষাক্ত পানীত মাত্ৰাধিক ফ্ল'ৰাইড থকাত এই পানী সেৱনৰ ফলত লোকসকল আক্ৰান্ত হয় ৷ মুখত বিভিন্ন ৰোগে দেখা দিয়াৰ লগতে বহুতৰ অকালতে দাঁত সৰাৰ লগতে বহুজনৰ হাত, ভৰি, শৰীৰৰ বিভিন্ন ঠাই আক্ৰান্ত হয় ৷
আজি আক্ৰান্ত লোকক লৈ আকাশীগংগাৰ সমীপৰ নিজ পাৰখোৱা এল পি স্কুলত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় ৷ ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য কাৰ্যসূচীৰ অধীনত আকাশীগংগা গাঁও পঞ্চায়তৰ তপতজুৰি, নিজ পাৰখোৱা, ডিখাৰুমুখ, ঊৰ্ধাগাঁৱৰ কে'বাখনো বিদ্যালয়ৰ ৩৫০গৰাকী ছাত্ৰ-ছাত্ৰীৰ মুখ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ উপৰি ঔষধ, টুথপেষ্ট, টুথ ব্ৰাছ বিতৰণ কৰা হয় ৷
ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য কাৰ্যসূচীৰ অসম ৰাজ্যিক কোষৰ অতিৰিক্ত ন'ডেল বিষয়া তথা আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ৰুবী কটকীৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা শিবিৰত আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ কমিউনিটী আৰু পাব্লিক হেল্থ ডেণ্টেষ্ট্ৰি বিভাগৰ এটি চিকিৎসকৰ দলে সেৱা আগবঢ়ায় ৷
সভাখনত নগাঁও জিলাৰ দন্ত চিকিৎসক ডাঃ অতীন্দ্ৰ কুমাৰ দাস, ডাঃ সুমন দাস, ডাঃ জেনিফা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ ৰোগ পৰীক্ষা কৰে ৷ শিবিৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ বিষয়া পূৰ্ণিমা বৰা, পুষ্পাঞ্জলী বৰঠাকুৰ গোস্বামী আৰু অনিৰ্বাণ বৰঠাকুৰে যোগদান কৰে ৷
ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে আকাশীগংগাৰ তপতজুৰি অঞ্চলত চৰকাৰী হিচাপ মতে এক হাজাৰ লোক মাৰাত্মক ফ্ল'ৰ'ছিচ ৰোগত আক্ৰান্ত হোৱাৰ সময়ত যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আজমলৰ নীৰৱ ভূমিকা অঞ্চলবাসীয়ে সহজভাৱে ল'ব পৰা নাই ৷ মানৱ দৰদী চিকিৎসক ডাঃ ৰুবী কটকীয়ে ব্যক্তিগত উদ্যোগত পূৰ্বতে অঞ্চলটোত কে'বাবাৰো চিকিৎসা শিবিৰৰ আয়োজন কৰি আক্ৰান্ত লোকসকলৰ মাজত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰিছিল ৷
এই অঞ্চলটোত দেখা দিয়া ফ্ল'ৰাইড আক্ৰান্ত লোকসকলৰ জীৱনৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণৰ কাম হাতত লোৱা বুলিও ডাঃ কটকীয়ে জানিবলৈ দিয়ে ৷
তপতজুৰিৰ বিষাক্ত ফ্ল'ৰাইডক আধাৰ হিচাপে লৈ "তপতজুৰি" নামৰ এখন উপন্যাসো লিখিছিল ডাঃ ৰুবী কটকীয়ে ৷ এনে এক জ্বলন্ত সমস্যাক লৈ চৰকাৰ-প্ৰশাসনৰ উদাসীনতাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক ৷
- Log in to post comments
- 41 views