ডবকাৰ পৰা জমিৰউদ্দিন তালুকদাৰ
হোজাই জিলাৰ যোগীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত হিন্দুব্লক গাঁও পঞ্চায়তত গ্ৰাম ৰোজগাৰ সহায়কৰ দৌৰাত্ম্যই সৰ্বসাধাৰণ লোকক অতিষ্ঠ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
অসম চৰকাৰে ৰাজ্যৰ বৰ্তমানৰ পঞ্চায়তীৰাজ ব্যৱস্থা ভংগ কৰাৰ সময়ত গাঁও পঞ্চায়তবোৰৰ কাম- কাজ চলোৱাৰ বাবে চৰকাৰে এক নিৰ্দেশযোগে খণ্ড উন্নয়ন বিষয়া, সচিবৰ লগতে গ্ৰাম ৰোজগাৰ সহায়কক দায়িত্ব দিয়ে ৷
পঞ্চায়ত ভংগ হোৱাৰ সুযোগত হোজাই জিলাৰ বিভিন্ন পঞ্চায়তত ব্যাপক দালালৰাজৰ সৃষ্টি হৈছে ৷ তেনে এক ধৰণৰ দালালৰাজৰ সৃষ্টি হৈছে হোজাইৰ হিন্দুব্লক গাঁও পঞ্চায়তত ৷
অভিযোগ অনুসৰি, হোজাই জিলাৰ হিন্দুব্লক গাঁও পঞ্চায়তত ঠিকাভিত্তিক কৰ্মৰত গ্ৰাম ৰোজগাৰ সহায়ক জীতেন বিশ্বাসৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে ৷
উত্থাপিত অভিযোগমতে, গ্ৰাম ৰোজগাৰ সহায়ক জিতেন বিশ্বাসে গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকৰ বাবে আৱণ্টিত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা আৰু গৃহ প্ৰদানৰ প্ৰলোভন দি ব্যাপক হাৰত ধন লোৱাৰ অভিযোগ উঠে ৷
ৰাইজৰ অভিযোগ মতে, গ্ৰাম ৰোজগাৰ সহায়ক জিতেন বিশ্বাসে যোগীজান উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া স্বুৱেতা পদ্ম শৰ্মাৰ নাম লৈ এইদৰে ধন লোৱাৰ অভিযোগ উঠিছে ৷
ৰাইজে এইগৰাকী গ্ৰাম ৰোজগাৰ সহায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷
- Log in to post comments
- 47 views