লগাঁৱৰ পৰা ৱাহিদুদ জামান
নাগৰিকত্ব সংশোধী বিধেয়কৰ বিৰোধিতাৰে ২৩ অক্টোবৰত ৪৬টাকৈ দল-সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সময়ছোৱাত নগাঁও চহৰৰ ছুপাৰ মাৰ্কেটত সংঘটিত ঘটনা সন্দৰ্ভত অভিযুক্ত পাঁচজন অনা-অসমীয়া বণিয়াক গ্ৰেপ্তাৰ কৰি আজি ব্যক্তিগত জামিনত মুকলি দিয়া কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও জাতীয় দল-সংগঠন ।
উল্লেখ্য, ২৩ অক্টোবৰৰ দিনা বন্ধৰ সময়ছোৱাত হয়বৰগাঁৱৰ ছুপাৰ মাৰ্কেটত অসম বন্ধৰ এগৰাকী সমৰ্থক লুইত শ্ৰীবাস্তৱ বৰাক অনা-অসমীয়া এই বণিয়াৰ দলটোৱে আক্ৰমণ কৰিছিল ।
এই আক্ৰমণত অসমীয়া যুৱকজন বেয়াকৈ আহত হোৱাৰ লগতে অনা-অসমীয়া বণিয়াৰ দলটোৱে অসমীয়া জাতিক উদ্দেশ্যি কটু মন্তব্য কৰিছিল । এই ঘটনাৰ পিছত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে ধৰি কেইবাটাও সংগঠনে অনা-অসমীয়া দলটোৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ তৰিছিল ।
এই ঘটনাত ৰাজু পাণ দোকানী, গোপন পাল, মদন ঘোষ আৰু কেদু জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল । অভিযুক্ত চতুৰ বণিয়াকেইটাই আনকি নিৰ্দোষী বুলি পতিয়ন নিয়াবলৈ ঘটনাটোক অন্য ৰূপ দিয়াৰ চেষ্টা চলাই থানাত আন এক গোচৰো ৰুজু কৰিছিল ।
আৰক্ষীয়ে যুৱ-ছাত্ৰ পৰিষদে দাখিল কৰা গোচৰৰ ভিত্তিত নগাঁও সদৰ ৩৬২০/১৮ আৰু অনা-অসমীয়া দলটোৱে দাখিল কৰা গোচৰৰ ভিত্তিত ৩৬২১/১৮ নম্বৰত গোচৰ ৰুজু হৈছিল । ঘটনা সন্দৰ্ভত যুৱ-ছাত্ৰ পৰিষদকে ধৰি অন্যান্য জাতীয় দল-সংগঠনসমূহে অভিযুক্ত অনা-অসমীয়া দলটোক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ তীব্ৰ দাবী উত্থাপন কৰিছিল ।
ইয়াৰ পিছতে আজি আৰক্ষীয়ে অভিযুক্তকেইটাক গ্ৰেপ্তাৰ কৰে যদিও ৰহস্যজনকভাৱে তেওঁলোকক ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে । ইয়াক লৈ জাতীয় দল-সংগঠনসমূহ ক্ষোভিত হৈ পৰিছে ।
আনকি আজি দুপৰীয়াৰ ভাগত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ নতুন বজাৰস্থিত কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । এই সভাত যুৱ-ছাত্র পৰিষদৰ লগতে কৃষক মুক্তি সমিতি, আটাছু, অনুসূচিত জাতি সংগ্ৰামী পৰিষদ, সদৌ অসম সুত ছাত্ৰ সন্থাকে ধৰি কেবাটাও সংগঠনে অংশগ্ৰহণ কৰে ।
এই সভাতে আৰক্ষী আৰু জিলা প্ৰশাসনে অনা-অসমীয়া অভিযুক্তকেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে কাইলৈ নগাঁও চহৰত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে ।
আনহাতে, এই ঘটনাক সমগ্ৰ নগাঁও জিলাত প্ৰতিক্ৰিয়া অব্যাহত আছে । অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি ভৱেন বৰা আৰু সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ দাসে আৰক্ষী আৰু জিলা প্ৰশাসনক ঘটনাটোত জড়িত দোষীক উচিত শাস্তি দিবলৈ দাবী জনায় ।
লগতে এই ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে আমছুৰ কেন্দ্ৰীয় সম্পাদক মোশ্বাৰফ হুছেইন কবিৰে ।
- Log in to post comments
- 15 views